অদ্ভুত কি বস্তু হলোঁ। বেৰি বেৰি হায়,
জোমা-জুমি, চোৱা-চুই, মন্তব্য প্ৰকাশ।
স্বপ্নৱত অনুভৱ, দিঠকৰ প্ৰাণে।
ভিতৰি আবেগ এটি, জীৱন্ত জাগ্ৰত,
উগুল থুগুল কৰি, কি যে কৰে হিয়া!
অৰ্থশূন্য ভাব তাৰ, নেদেখা উদ্দেশ্য,
বাহ্যিক চকুত তাৰ, নেদেখা ছঁয়াটি,
অব্যক্ত ভাবৰ সুৰ; নিৰৱে বিনায়!
মুখত নুফুটে কথা; হিয়াৰ আবেগ
কপালে বিৰিঙ্গি হায়, পৰিল বাগৰি ,
প্ৰিয়তমা অৰ্দ্ধাঙ্গিনী, অৰ্দ্ধাঙ্গৰ বাৱে',
ললেহি আসন যেবে সমাজৰ মাজে।
দীৰ্ঘ ওৰণীক ভেদি জিলিকণিটিয়ে,
উদঙ্গালে হিয়া মোৰ হল প্ৰতিভাত
প্ৰিয়তমা অনুকৃতি, হৃদয়-ফলিত।
শান্তিৰ শীতল তেজ বলে প্ৰতি শিৰে;
অঙ্গে অঙ্গে পৰশন, যেবে হাতে হাত;
পুলকিত মন-প্ৰাণ, অস্থিৰ শৰীৰ;
আবেগৰ উলাহত দুয়ো অঙ্গ কঁপে,
টলবল প্ৰাণ হায়, হাত থৰবৰ!
বিদ্ৰুপ চাহনি হানে, সমুখৰ পৰা,
সমনীয়া বন্ধু জনে, পেলাই ঠেকত।
লাজে মূছকছ হায়, গুৰুজন আগে।
প্ৰাণে প্ৰাণে গল বন্ধ, দম্পতী বান্ধেৰে;
দেখালে বাহিৰে পুণ্য মিলনৰ চিন্;
পৱিত্ৰ সি লগ্ন-গাঁথি, পৱিত্ৰ ভাৱৰ।
প্ৰথম মিলন দিন, পোনে দেখা দেখি,
সঙ্কুচিতা অৰ্দ্ধাঙ্গিনী অৰ্দ্ধাঙ্গৰ পাশে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৯০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৭
লীলা