শকুন্তলা। ৩৬৫ থকা দেখি আপোনাৰ ধনুৰ-ডোলৰ ঘহনিৰে সঁাচলগা-বাহুএ তাক কিমানকৈ ৰক্ষা কৰিছে, তাকে জানিব। ৰাজ্ঞা।-কুলপতি ইয়াত আছে নে? বৈখানস।—এতিয়াই তেওঁৰ জীয়েক শকুন্তলাক অতিথি-সৎকাৰৰ ভৰি দি শকুন্তলাৰ . প্ৰতিকূল দৈবৰ শান্তি কৰিবৰ নিমিত্তে সোম-তীৰ্থ লৈ গৈছে। ৰাজা—হওক, তেওঁকেই দেখা কৰেগৈ; তেওঁএই মোৰ ভক্তি জানি মহৰ্ষিৰ আগত জনাব। বৈখানস—তেন্তে আমি যাওক [ বৈখানসৰ সশিষ্যে প্ৰস্থান ]। ৰাজা সাৰথি, ঘোড়া চলোৱা, পুণ্যাশ্ৰম চাই নিজক পবিত কৰোঁগৈ। সাৰথি ভাল সৰ্গদেও (আকৌ বেগাই ৰথ চলাবলৈ ধৰে)। ৰাজা—(চাৰিও পিনে চকু ফুৰাই) এইখন যে ঋষিৰ আশ্ৰম, তাক নকলেও জানিব পাৰি। সাৰথি—কেনেকৈ? ৰাজা—কি, তুমি দেখা নাইনে?—ইয়াৰ ধোত বাঁহ-লোৱা ভাটোৰ মুখৰ পৰা সৰা উড়ি-ধানবোৰ গছৰ তলত পৰি আছে; কোনো ঠাইত তেল-লগা, নিমজ শিলবোৰ দেখি জনা যায় যে, তপস্বী সকলে সেই বোৰ শিলৰ ওপৰত ইঙ্গুলী গুটি ভাঙ্গি তেল উলিয়াইছিল; আশ্ৰমত ভয় নাই বুলি বিশ্বাস থকাত হৰিণা-বোৰে আমাৰ ৰথৰ মাত শুনি লৰ নেমাৰি আপোন ইচ্ছামতে চৰি ফুৰিছে; আৰু পানীলৈ যোৱা বাটতো তপস্বীবিলাকৰ বল্কলৰ আগৰ পৰা বোৱা পানীৰ চিন লাগি আছে। সাৰথি—সকলো সঙ্গত হৈছে। ৰাজা—(অলপমান দূৰ গৈ) আশ্ৰমত থকা লোক সকলৰ যেন কোনো অপকাৰ নহয়, এই নিমিত্তে ইমানতেই ৰথ ৰাখা; মই নামি যাওঁ। সাৰথি—মই লেকাম টানি ধৰিছোঁ, আপুনি নামোক। ৰাজা—(নামি) সাৰথি, তপোবনলৈ নম্ৰ-বোশেৰেহে যোৱা উচিত; এই সাজ পাৰ বোৰ ধৰাচোন্। ( সাৰথিক ধনু আৰু আভৰণ সোপা দিয়ে। মই | আশ্ৰমবাসী সকলক দেখা কৰি আহোঁমানে তুমি ঘোড়াৰ পিঠিত পানী দিয়া। সাৰথি—ভাল (বাহিৰ হয়)। ৰাজা (দোখোজমান গৈ চাই) এইখন আশ্ৰমৰ দুৱাৰমুখ, সোমাই যাওঁ। (প্ৰৱেশ কৰি সোঁহাতৰ মহ লৰা ভাও কৰে।) ই আশ্ৰম শান্তিৰ স্থান;
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮
অৱয়ব