সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৩
লীলা

বনৰ হৰিণা আৰু সৰল মানৱে,
সমানে বিহাৰ কৰে বিশাল প্ৰকৃতি।
নিঝৰা-নিসৃত পানী, অমৃত সমান,
সুখ-খাদ্য ফলমূল, প্ৰকৃতি বিভৱ,
দুৱোৰ সমান ভাগী, দুয়ে বনচৰ।
গভীৰ গহ্বৰ ভেদি অত্যুচ্চ বিৰিখে।
সমথল সমানত হই একাকাৰ,
ধৰে শোভা বিতোপন। আবেলি বেলিকা
যেবে, হেঙ্গুলি ৰহনে, তিৰবিৰ কৰি,
শোভা চেঁচনি পাটীটি, চেঁচা বৰণীয়া,
ইচ্ছা যেন, লভে শান্তি খন্তেক বাগৰি,
অতৃপ্ত সুখৰ ভাগ, প্ৰাণ-জুৰ-কৰা।
আলাসত উৰি ফুৰা মেঘৰ চকলা,
সমানে সমানে ফুৰে, যেনে ‘হাৱা-খোৱ।”
বন্ধুগণ আবেলি পৰত। হাঁহি মাৰি
নিলগতে, কৰে মোৰ প্ৰাণ মতলীয়া;
চাপিলে ওচৰ হায়, কুমলীয়া হিয়া,
যায় পমি আবেগত ৰহস্য অপাৰ;
দুৰণিৰ দৃষ্টি হায় মন-চুৰ-কৰা;
চাওঁতে চাওঁতে দীৰ্ঘ শ্যামাঙ্গী প্ৰকৃতি,
নিশ্বাস নিৰোধি যেন, প্ৰাণ কাঢ়ি লয়।
আৰু যত সৌন্দৰ্য্যৰ গুপুত ভঁৰাল,
উদঙ্গাই শাৰী শাৰী পাতিছে পোহাৰ,
কিনোতা মানৱ প্ৰাণ, বেচোঁতা প্ৰকৃতি।
ই হেন সৌন্দৰ্য্য-হাট সমুখত লই,
সৰু এটি পজা তলে কৰিলোঁ বসতি,
অৰ্দ্ধাঙ্গ মানৱ এই, মুকলি প্ৰাণেৰে।
অৰম্ভিলোঁ নিজ ব্ৰত উদ্দেশ্য সুৱঁৰি।
এইৰূপে গল কিছুকাল মনে মনে
সঁপি মন প্ৰাণ, কৰ্ত্তব্য চৰণ তলে।