পিতৃদেৱ মুখে। পশা নাই ভাব তাৰ,
অতকাল হৃদয় তলিত, সংসাৰৰ
আৰ্ত্তৰাৱ ভেদি। উদ্ভাসিল এই বেলা,
গহীন প্ৰকৃতি মাজে, গহীন সি ভাব।
প্ৰকাশিল ঈশ-জ্যোতি প্ৰকৃতি বুকত,
অপূৰ্ব্ব জেউতি তাৰ প্ৰতি স্তৰে স্তৰে,
প্ৰতিভাত হল হায়, ব্ৰহ্মাণ্ড বিয়াপি।
পাহৰিলোঁ কৰ্ম্মজ্ঞান, সংসাৰ খেতৰ,
ৰিণিকি জিলিকে মাথোঁ, উদ্দেশ্য মহান
হৃদয় পূৰণ কিযে পৱিত্ৰ ভাবত,
বিভোল পৰাণ পমে ঈশ-গুণ-গানে।
সলালোঁ মনৰ গতি। ভবিষ্য সংসাৰ
মনে প্ৰাণে দিলোঁ বাদ, জীৱনৰ পৰা।
কৰ্ত্তব্য পালন, পূজি সৃষ্টিৰ মহিমা,
কৰি ব্ৰত হলোঁ প্ৰতিশ্ৰুত। আচৰিত,
হৃদয়ৰ গুপ্তভাব হল প্ৰতিভাত,
নিজম প্ৰকৃতি বুকে! তটিনী বুকত
শুনো শলাগনি, গুপুত মহান ভাব।
সেই এটি মহাদিন, ক্ষুদ্ৰ জীৱনৰ।
আৰম্ভিলোঁ ৰাজকাৰ্য্য, জীবিকাৰ হেতু,
জীৱন উদ্দেশ্য আৰু সাধন কাৰণ।
সাহিত্য সেৱাত পাচে উছৰ্গিলোঁ প্ৰাণ,
সাৰ কৰি সমুদায় উদ্দেশ্য মূলৰ।
সুন্দৰ সি নাগৰাজ্য, শ্যাম পাহাৰত,
কহিমা নামেৰে ঠাই, বৃটিচ্ নগৰ।
একে নামে নগাচাঙ্গ ধৰে শিতানত।
আতিকে সৰল তাৰ নিজাপি সজন,
উলঙ্গ সন্ন্যাসী হায়, উদাৰ ভাবত;
ঘিণায় কৃত্ৰিম শোভা, সভ্যতাৰ সাজ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২২
অসমীয়া সাহিত্যৰ চানেকি।