পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৪
অসমীয়া সাহিত্যৰ চানেকি।

ভাবিছিলোঁ, সৃষ্টিৰ মহিমা, আৰু যিবা
প্ৰকৃতিৰ শোভা, কৰি প্ৰাণে সাৰ-পূজা,
উদ্দেশ্যৰ পাচে লৰোঁ উন্নতিৰ বাটে,
চিৰকাল অৰ্ধাঙ্গৰ পালোঁ মহাব্ৰত।
সংসাৰ জঞ্জাল শূন্য, মুকলি মূৰীয়া;
শোক-তাপ, দুঃখ ভয় বিৰহ-সন্তাপ,
নাছিল সমুলি তাৰ অশান্তিৰ ছঁয়া।
ভাবিছিলোঁ, চিৰদিন যাপিম ইদৰে।
অৰ্ধাঙ্গ বৈৰাগী জন চাপিলে ওচৰ,
উদঙ্গাই হিয়া মোৰ, মিলাও কামনা;
আনন্দ নধৰে প্ৰাণে, দেখি মিল ভাব,
মনে মনে প্ৰাণে প্ৰাণে, হিয়াত হিয়াৰ।
সংসাৰী বান্ধৱে তেবে অশান্তি জোলোঙা,
মেলেহি আগত মোৰ সান্তনাৰে আশে;
মুখেৰে বুজনি মাখোঁ, বান্ধৱ ধৰম,
নকৰে সি শোক-তাপ প্ৰাণে অনুভৱ।
ইদৰে বৈৰাগ্য ভাৱে থাকোঁতে পাহৰি
অৰ্দ্ধাঙ্গিনী কথা মোৰ, কোনোবা যুগত;
সুগন্ধি সৌৰভ তাৰ পৰিল বিয়াপি।
প্ৰকৃতিৰ কাম্য কাননত। বিয়াপিল
পৰিমল, চউপাশে এই অৰ্দ্ধাঙ্গৰ।
পৰ্ব্বতীয়া জুৰি প্ৰায়, এৰি হৃদ-গুহা,
প্ৰবাহিল প্ৰেমনদী, প্ৰতি শিৰে শিৰে,
উতলি ভিতৰি এক আবেগ হিয়াৰ।
শিয়ৰি উঠিল প্ৰাণ, কি জানো কি ভাবে,
নীৰৱে বিনালে হায়, নিফুঁট সুৰত।
শুনালোঁ প্ৰবোধ বাণী উদ্দেশ্য প্ৰাণৰ,
জীৱনৰ মহাব্ৰত কৰালোঁ স্মৰণ।