পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২১
লীলা

শিক্ষাভাগ সাঙ্গ কৰি স্বতন্তৰ ভাৱে,
জীৱন যাপন হেতু, দাসত্ব শিকলি
পিন্ধিলোঁ গৌৰৱ মানি; ৰাজ কৰ্ম্মচাৰী।
এৰিলোঁ জনম ঘৰ; পৰমূৰে খোৱা,
নহয় পুৰুষ ৰীতি, পূৰ্ণ হৃদয়ত।
পিতৃ-মাতৃ গুৰুজন, বৃদ্ধ বয়সত,
আশ্ৰিত পালিত হব যত্ন ফলে মোৰ;
সাধন সমাজ হিত, স্বদেশ মঙ্গল;
আৰু যত উচ্চ আশা; দান, ধৰ্ম্ম, দয়া,
দুখিতৰ সেৱা, কৰি ব্ৰত জীৱনৰ,
হলোঁ বাজ সংসাৰৰ বাৱেঁ ধৰি গতি।
শুনিছিলোঁ পৰ্ব্বত বৰ্ণনা, নদী-গুৰি,
গুহা, বনভাগ, গহীন প্ৰকৃতি কথা,
ছাতৰ জীৱন কালে গুৰুদেৱ মুখে।
আঁকিছিলোঁ। মনে মনে চিত্ৰপট তাৰ,
কল্পনা তুলিৰে। কিযে শান্তি উপভোগ,
মনে পাতি চাই, নিতাল প্ৰকৃতি ৰূপ।
বাগৰি শিলনি বুকে পাকনীয়া জুৰি,
বিশাল প্ৰকৃতি মাজে কত ৰাজ্য ঘূৰে;
পাকে পাকে ঘুৰি তাৰ মনমোহা ভাগ,
কল্পনা ৰথত চৰি চাওঁ প্ৰাণ ভৰি।
প্ৰকৃতে পৰিল যেবে, মানবী চকুত,
মনে পতা মনমোহা, প্ৰকৃত পাহাৰ,
জীৱন পথত মোৰ, উদ্দেশ্য গতিত;
কি যে ভাব, বৰ্ণনা অতীত, বিৰিঙ্গিল
হৃদয় তলিত! সেই ক্ষণ হন্তে হায়,
উথলিল প্ৰাণে প্ৰাণে কি যে এটি ভাব,
আতিকে মহান; সৃষ্টিৰ মাহাত্ম্য তাত
উঠিল উগাৰি। শুনিছিলোঁ। হায়,
বহুকাল আগে, ঈশ্বৰ মহিমা লীলা,