পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২০
অসমীয়া সাহিত্যৰ চানেকি।

মায়াৰ পৰশে পাহৰিলোঁ অৰ্দ্ধাঙ্গিনী,
নপৰে মনত আৰু পূৰ্ব্ব জন্ম কথা।।
মাতৃ অঙ্গ শোভা কৰি কল্পনা সঙ্গতি,
কটালোঁ শিশুৰ কাল; পূৰ্ব্ব সুখ ভোগী।
বাল্যকাল আঁতৰিল, বাল্যবন্ধু সতে,
হাঁহি, নাচি, কান্দি, কিবা অৰ্থশূন্য ভাৱে।
যৌৱন জোঁৱাৰে ক্ৰমে দিলে দেখা আহি;
ব্ৰহ্মপুত্ৰ ওভতনি! হৃদয় নিঝৰা
উপচি পৰিল ফুটি, হিয়াৰ ওপৰে,
কত ভাব, কত কথা, কত উচ্চ আশা!
পৰ্ব্বতীয়া জুৰি প্ৰায় প্ৰেমৰ আবেগ,
বিৰিঙ্গি বিয়াপি গল অৰ্দ্ধাঙ্গক জুৰি!
চৈধ্য বৰ্ষ পাচে মোৰ লভিল জনম,
সংসাৰ-বান্ধনি-লীলা, পুণ্য লীলাৱতী।
কুমলীয়া অৰ্দ্ধাঙ্গিনী কোমল জ্যোতিৰে,
জিলিকালে পিতৃগৃহ; জিলিকি আপুনি,
বহুকাল অপুত্ৰকা জননী কোলাত।
পৰিল চকুত হায়, মায়াৰ ঢাকোন;
পাহৰিল পূৰ্ব্ব দশা, অৰ্দ্ধাঙ্গৰ কথা।
সৰল কোমল যত সৌন্দৰ্য্য-জেউতি,
স্বভাৱৰ গাত সনা; সুগন্ধি ৰহণ,
প্ৰতি প্ৰাণে প্ৰতিভাত, পৰিয়াল জুৰি।
চৰিল জেউতি তাৰ বয়সৰ লগে,
বিৰিঙ্গি অকণি ফোঁট, আবেগ লীলাৰ,
বিয়পি শীতল যেবে কৰিলে সংসাৰ।
অনূঢ়া কলিটি পাচে, হল বিকসিত,
মধুৰ সৌৰভে তাৰ মৃদু বতাহত,
বিচাৰি উৰিল নিজ পৰিমল ভাগী।