ভানুমতী। পালেগৈ। সেই দিনাৰ পালি সেই দৰেই অন্ত পৰিল। পিচদিন ফুল থবলৈ সোমাইগৈ, ময়ো সেই তুলাপাত ডুখৰিৰ পিঠিত “চোৰ নহও,” এইদৰে লিখি ফুলজুৰিৰ তলত পাৰি থৈ আহিলোঁগৈ। ইয়াকে পাই গোহইদেৱে বা আকৌ মনত কি ভাৱ লয়, আৰু তাৰ চিন আকৌ কি হয়, তাক জানিবৰ নিমিত্তে মনত উগুল-থুগুল লাগিব ধৰিলে। সেই দিন সন্ধিয়ালৈকে বাৰ-জলঙাৰ পৰা চকু তুলিব নোৱাৰিলোঁ। গোহাঁইদেৱ ওলাওতে-সোমাওতে তেওঁৰ ভাব-গতিত সেই বিষয়ৰ কিবা তথ্য পাও' বুলি চাওতেই গল। ৰাতিলৈ টোপনিৰো টানত। পৰিলে।। পাটিত পৰিবৰ কত পৰ হল, আনবিলাক সকলো শুই নিপালি দিলে, তেতিয়াও মোৰ চকুত টোপনি নাই। শেহ-ৰাতি মাথোন চি-মিল্কৈ এঘুমটি টোপনি আহিছিল। পিচদিনা কেতিয়া দুপৰ হয়, কেতিয়া দেউতা আৰু গোহাই- দেৱ ওলায় যায় তাইল বাট চাই আমনি লাগিছিল। পিচে সিবিলাক গৈ বাটচৰা পাৰ নৌ হওঁতেই মই গোহাঁইদেৱৰ শোৱা-কোঠা পালোগৈ। পাই দেখো যে, কৰণিত ফুল দুটি এখন তুলাপাতত যতনেৰে তুলি থোৱা আছে। মই লৰালৰিকৈ তুলাপাতখন টানমাৰি আনি পঢ়ি চাও, এই কেফাকি কথা লিখা আছে, “যিয়ে বা নোহোৱা ‘মই', ভা-ভা-ভাবত ভানুদয়”। পঢ়ি যাওঁতেই মোৰ হাঁহি উঠিল; বোলে। গোহাঁইদেৱ খোনা হলেনে কি, ভা-ভা-ভাখন কিহৰ! কিন্তু পিচ মূহুৰ্ত্ততে লাজত তলমূৰ কৰিলে; বুজিলে। মোক ধৰা পেলাইছে। মই সেই সময়ত ভিতৰি কি যে হৈছিলোঁ, কব নোৱাৰে।। এই দৰেই গল দিনচেৰেক। তেৱে। কিবা এফাকি লিখি থৈ যায়, ময়ে কিবা এটি উত্তৰ লিখি থৈ আহোঁগৈ। এনে ব্যৱস্থাই গগাহাঁইদেৱক কিমান সুখ দিছিল কব নোৱাৰে, মই হলে অনিন্দত উথলি পৰিছিলোঁ, মোৰ আগৰ চিন্তা ভাবনা সকলো পাহৰিছিলোঁ।। এনে ব্যৱস্থা যেন চিৰকাল ঢলিব, এনে সুখৰ যেন তান্ত নপৰিব, এনে ভাবিছিলো! পি৮ে এদিন এই সুখ উপচি পৰা যেন পালে।। আবেলি এদিন মই মূৰ মেলাই আছোঁ, এনেতে চাকুলী বাইৰ পুতেক আঘণাই চুচুক-চামাককৈ মোৰ ওচৰ চাপি, মোৰ কোছতে বিযোগ নিদিয়া লেফেফা এটা পেলাই দি ভিৰাই লৰ ধৰিলে। মই তাক ‘কি, বুলি সুধিবলৈকে নেপালে।। লৰালৰিকৈ লেফেফাটো মেলি চাও দেখোন ভিতৰত এখন চিঠি। আখৰ গগাহাঁইদেৱৰ। কথা এই কেই আষাৰ :-“ভানু! তোমাক নো মই কি। সম্বোধন ধৰিব পাও ভাবি-চিন্তি পাইছিলোঁ, কাৰ্যত দেখাবলৈ সাহ নহল। আৰু কপালত নেথাকিলে সি কাৰ্যত কেনেকৈ ফলিয়াব। সম্প্ৰতি সৰহ কবলৈ মোৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৮
অৱয়ব