৬১৪ অসমীয়া সাহিত্যৰ চানেকি।। বুলিলে দেখিবৰ মন নেযায়। আমনি কৰিবলৈ অহা যেনহে লাগে। দেউতাই ভিতৰলৈ তামোল খুজি পঠিয়ালে মনে-মনে মোৰ বৰ খং উঠে। নোৱাৰাতহে কাটি দি পঠিয়াওঁ। এই মানুহবিলাক আহে কিয়, আৰু কেই দিন মানৰ পৰা অহা ঘন হৈছে কিয়, বুজিব পৰা নাই। | দেউতাৰ মনত ৰং লগাৰ আৰু এটি কাৰণ আছে। অৰ্থাৎ, কেইদিন মানৰ পৰা গোহাঁইদেৱৰ মনটি মুকলি। আগৰ দৰে তেওঁ আমনজিমনকৈ নেথাকে। কাম-কাজ কথা-বাৰ্তা সকলোতে তেওঁৰ সন্তোষ আৰু উৎসাহ লগা যেন দেখা যায়, দেউতাই ভাবিছে যে, তেওঁৰ সেই দিনাৰ সাৰুৱা বুজনিয়ে এই ফেৰা গুণ ধৰাইছে। এই বিশ্বাসতে তেওঁ এতিয়া গোহইদেৱলৈকো বৰ সন্তোষেৰে চায়। অপুত্ৰক দেউতাৰ গোহাঁইদেৱেই যেন একেটি পুত্ৰ, তেওঁৰ ভাবত এনে বুজা যায়। আৰু দেউতাৰ তেনে ভাব দেখি মোৰ বুকু শাত লাগি আহে। এনে ভাব দেউতাৰ মনত যিমান ডাঠ হয়, সিমানেই মই ৰং পাওঁ। সি যি হওঁক, কিন্তু দেউতাই গগাহাঁইদেৱৰ মন মুকলি হোৱাৰ আচল অৰ্থ এতিয়াও পোৱাগৈ নাই। দেউতাৰ সাৰুৱা বুজনিয়ে গোহাঁইদেৱক জ্ঞান দিলে হয়, কিন্তু এই অভাগিনীয়ে নেজানি কৰ এফেৰি কামেহে তাৰ গুটি ধৰালে। • | সেই দিনৰ পৰা মই দিনৌ এজুৰি ফুল গোহাঁইদেৱৰ গাৰুৰ ওপৰত সজাই পবলৈ ধৰিলোঁ। আৰু পাচলৈ সি মোৰ দিনে কৰিব লগীয়া কামৰ দৰে হৈ উঠিল। আগ দিনা ফুল জুৰি সজাই থৈ আহোঁগৈ, পিচ দিনা কৰণিত তুলি থোৱা পাই, তাক উলিয়াই পেলাওঁগৈ। এই কামটিৰ বিষয়ে গোহাঁইদেৱ আৰু মোত বাজে আন কেৱে নেজানে। আৰু, এই কাৰ্যৰ মূলত কোন, গোহাঁইদেৱেও সেইটো জানো বুলি টানি কব নোৱাৰে। সেইদৰেই ভালেমান দিন পাৰ হৈ গল। পিচে, সেই কামটি কৰোঁতা কোন, তাক জানিবৰ কাৰণে কেইদিনমানৰ পৰা গগাহাঁইদেৱৰ মনত উগুল-থুগুল লাগিল। সেই অৰ্থে ই এদিন তেও ফুল কেই পাহি কৰণিত তুলি থওতে, লগতে এডুখৰি তুলাপাতত “কোন ইটি মনচোৰ” এই কেইটি কথা লিখি গৈছিল। পিচ দিন মই নতুন থৈ পুৰণি পেলাবলৈ যাওঁতে, তুলাপাত ডুখৰিত লিখা কথা কিটি পঢ়ি চাই, আপোনা আপুনি লাজে ভৰে সুখে দুখে বিভোল হৈ পৰিলোঁ। কিছুমান পৰ এই ভাৱে ঠৰ লাগি ৰৈ আছে, এনেতে মাৰল-ঘৰেদি যাওতে কোনোবাই “কোন্ সিটি” বুলি মাত লগাই গল। মই সেই পোনেই মূছছ যোৱাৰ দৰে হলে। তাৰ অলপ পাছত, হাতৰ সাৰে ভৰিৰ সাৰে মই গোহাঁইদেৱৰ শোৱা কোঠাৰ পৰা ওলাই পোনচাতে পিচ-চোতাল
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৭
অৱয়ব