৬১৬ অসমীয়া সাহিত্যৰ চানেকি। চল নাই; কিন্তু মোৰ এই শোক চেপা হিয়াত যে তোমাৰ মোহিনী মূৰ্ত্তি কেতিয়া- বাৰে পৰা স্থাপন কৰা হৈছে, সেই সঁচা কথা কবলৈ সঙ্কোচ ৰকৰে।। মন পালে মনোভাব আৰু প্ৰকাশিব পাৰি। কিন্তু, ইয়াতে কিবা জানি বহুত দোষ কৰিছে। ভানু ক্ষমা কৰিব।” চিঠিখনি ঘূৰাই ঘূৰাই তিনিবাৰ পঢ়িলোঁ।। পঢ়ি হেঁপাহ মুগুচিল, আকৌ পঢ়িম বুলি ৰিহাৰ আঁচলত বান্ধি ললোঁ। লীলা। নেজানো পূজাৰ বিধি, বন্দনাৰ ৰীতি, বীনাপাণি বাদেবি! চৰণ তোমাৰ কিৰূপে পূজিম হায়, বমি কিমতে! বজোৱ। অনন্ত কাল সঞ্জীবনি বীণা, গহীন জোকাৰে তাৰ কঁপাই বনুনি, সৰায় কতনা ফুল কবি-ফুলনিত। সুৰ-বুজ। আদি' গুৰু স্বৰ্গী কবিগণে সুৰ-সূতা বাচি লই গাঁথিলে কতনা সঞ্জীবনি মাল। অনুপম শোভা তাৰ, জিলিকে চৌপাশে আহা, কাব্য কাননত। সি দীপ্তিৰ প্ৰভাৱত হয় দীপ্তিমান, আধ্য কবি সৱে, গুৰু পদ অনুসৰি, ৰচিলে কতনা আৰু দীপ্তিময়ী মালা, মনে ধৰা চেৱে বান্ধি। হে মাতৃভাষা উলাহত আজি, পিন্ধি পুত্ৰে ৰচা হাৰ।। নুবুজোঁ বীণাৰ সুৰ, মুৰুখ-সন্তান,--- নকঁপে ফুলৰ ঠাৰি, নসৰে এপাহি বাজী ফুল! অভাগাৰ কল্পনা চকুত। তথাপি হৃদয়-তন্ত্ৰী বাজি উঠে ঘনে, মৰ্ম্মাহত চেপা খাই প্ৰিয়া বিৰহত!
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭৯
অৱয়ব