সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৬
অসমীয়া সাহিত্যৰ চানেকি।

বৈছে। কপালৰ ঘাম বৈ আহি চকু ঢাকি পেলাইছে। তথাপি এফেৰি জিৰাবৰ সাধ্য নাই। ছাঁত বহি অলপ শাঁত হবলৈ গলেই ইফালে ধান খৰি যায়,— নাচনী শাহু-আই নাচি আহিব! নিৰুপায়! মনৰ খং মনতে সাৰ গৈছে। মনে মনে একোবাৰ বাঢ়নীৰে খুচি কণা মেঘৰ ইওটো চকু ফুটাবলৈকে বাঢ়নী তুলিছে। একোবাৰ আকৌ বেটীৰ খং বাঢ়নীতে মাৰিছে। এনে ক্ষণত এনে উৎপতীয়া ক্ষণত এজন ডেকা আমাৰ পুখুৰীপাৰেলৈকে পোনাই আহিছে। মই মূৰ দাঙ্গি হঠাৎ তেওঁক দেখি চক খাই উঠিলোঁ। কিয় চক খালোঁ কব নোৱাৰোঁ। কিন্তু পিচ মুহুৰ্ত্ততে তেওঁক চিনি পালে। তেওঁ আমাৰ চুবুৰীয়া। ডেকাজন ৰদত পকি পকা-থেকেৰাটিৰ দৰে হৈ আহিছে। দেখাতে বুজা যায় যে, তেওঁ কিবা আপদত পৰি উধাতু খাই ফুৰিছে। মুখখানি বেজাৰত আমোলাই আছে। কিন্তু মোৰ ওচৰ চাপিলত সেই চিন ক্ষন্তেকলৈ মুখৰ পৰা আঁতৰ হল। আৰু তেওঁ লাহেকৈ হাঁহি এটি মাৰি মোক মাত লগালে, “ভানু, তুমি ইয়াত অকলৈ বহি আছাঁ?” মই হৰিষ মনেৰে উত্তৰ দিলোঁ,—“এৰা, ঘামত তৰণি নেপাই ইয়াতে বহি জুৰ লৈছোঁহি। তুমিনো ইমান ৰদত অকলৈ কলৈ গৈছিলাঁ?” তেওঁ জিকাৰি উঠি কলে, “অ মই যাওঁ! মই বহুত পলম কৰি আছোঁ, মই ৰব নোৱাৰোঁ। দেউতাৰ সন্নিপাত জ্বৰত তত্‌‌‌‌ নাই। কি হয় গৈ ঈশ্বৰেহে জানে। মই বেজবৰুৱাৰ তালৈ গৈছিলোঁ। তেওঁ ৰাজবাটেদি গৈছেগৈ। মই এই পোনেই পোনাই আহিছে। ভানু! থাকিবাঁ এতিয়া দেই!” এই কেই আষাৰ কথা কৈ তেওঁ বেগাবেগিকৈ ঘৰৰ ফালে খোজ ললে। আমাৰ ভাঁৰাল-ঘৰৰ আঁৰ নোহোৱালৈকে মই তেওঁক চাই চাই চাই চাইয়ে ৰলোঁ। তেওঁৱে মোলৈ উলটি চাই গৈছেগৈ।

২ আধ্যা।
দুপতীয়া পুলি।

 মোৰ আৰু সেই দিন নাই। সেই পুখুৰী-পাৰত বহি চিন্তাৰ লগৰী হোৱা দিন মোৰ পাৰ হল। আগৰ চিন্তা আছে কিন্তু আগৰ সুখ নাই। লগৰ চিন্তা লগতে ফুৰিছে, কিন্তু আগৰ দৰে লগ লোৱা ঠাইৰ ঠিকনা নাই। চিন্তাৰ লগ আগতকৈ বাঢ়িছে, কিন্তু সেই দৰে লগ লোৱ। সময়ৰ ঠিক নোহোৱাত পৰিছে। শোওঁতে খাওঁতে উঠোঁতে বহোঁতে মনত সদায় কি এটা চিন্তাৰ সোঁত আছেই। আৰু সেই