পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০৭
ভানুমতী।

কেতিয়া কি ভাবে কলৈ যাওঁ ক'ব নোৱাৰোঁ। কৰোঁ কি, কওঁ কি, কেতিয়াবা তাকো বুজিব নোৱাৰোঁ। আচলতে ভাবোঁ কি চিন্তা, কিহৰ তাৰ উৱাদিহ নাই। এনেভাৱে ভালেমান দিন গল। এনেকুৱা এদিনে-এবছৰ ভালেমান পাৰ হ'ল। আগলৈ এদিন-এযুগ আৰু কতনা আছে চাগৈ!

 চাৰু গোহাঞিদেৱক মই সেইদিনা যে প্ৰথম দেখিছিলোঁ এনে নহয়। মোৰ মনত পৰাৰেপৰা তেওঁ মোৰ লগৰীয়া। দুয়ো হাতত ধৰাধৰিকৈ উঠা। দুয়ো সৰুতে কিমান উমলিছিলোঁ! দুইৰো একালত কিমান হঁহা-কন্দা গল! দুয়ো দুইৰো বাল্য প্ৰেমত কিমান মজিছিলোঁ! আৰু দুইৰো মনৰ মিল দেখি চাকুলী বাইহঁতে আমাক দৰা-কন্যা বোলা মনত এতিয়া মনত পৰে। এতিয়া আগৰ দৰে অহা-যোৱা ঘন নহয় বুলিও, গোহাঁইদেৱ আমাৰ ঘৰলৈ দিনটোত এবাৰ নহাকৈ নাথাকে। আগৰ নিচিনাকৈ ধেমালিৰ মেল পতা নহয় বুলিও, দুইৰো ভিতৰত এতিয়াও মতা-বোলা চলে। দুইৰো ভিতৰত এতিয়াও দেখাদেখি মিলা-প্ৰীতি ৰৈছে। তথাপি, সিদিনা তেওঁক ন চিনাকী যেন লাগি গ'ল কিয়? সেইদিনা মই পুখুৰীপাৰত বহি থাকোতে গোহাঁইদেৱ ঘৰলৈ যাবলৈ পোনাই আহিছিল। সেইদৰে আগেয়েও তেওঁ কেতিয়াবা আহে। পিচে সেইদিনানো মই তেওঁক নেদেখাই দেখাৰ দৰে দেখি চ'ক্‌ খাই উঠিছিলো কিয়? সেই দিনাৰ নিচিনাকৈ আগেয়েও কিমান বাৰ দেখাদেখি হয়; আৰু দুই চাইটা কথাৰে আকৌ এৰা-এৰি হওঁহঁক; কিন্তু, সেইদিনাৰ দেখাদেখি আৰু কথা কেইআষাৰত নো কি মোহিনী শক্তি আছিল? আগেয়েও এৰাএৰিত চকুৰ আঁৰ নোহোৱালৈকে দুইকো দুয়ো সেইদৰেই চাওঁ, কিন্তু সেইদিনাৰ চাৱনিত নো কি সুৱগা মিহলি আছিল? এই বিলাক প্ৰশ্নৰ মই উত্তৰ কাটিব নোৱাৰোঁ। ভাবোঁ কিন্তু তাৰ অন্ত নাপাওঁ। সেইদিনাৰ সেই মুহূৰ্ত্তৰ কথা মোৰ মনত নতুন হৈয়ে আছে, কিন্তু তাৰ মহিমা মই বুজিব পৰা নাই!

 সেইদিনাৰে পৰা তিনিদিনৰ পাচত চাৰুচন্দ্ৰ গোহাঁইদেৱৰ দেউতাক বৰগোহাঁই ডাঙৰীয়া সেই নৰিয়াতে ঢুকাল। বৰগোহাঁই ডাঙ্গৰীয়া এজন বৰ লাগতিয়াল আৰু ৰজাৰ বিশ্বাসী মন্ত্ৰী আছিল। তেওঁ স্বৰ্গী হোৱাত স্বৰ্গদেৱৰ সোঁ-হাত ছিগাৰ দৰে হ'ল। গতিকে, ডাঙ্গৰীয়াৰ অকাল বিয়োগত স্বৰ্গদেৱে বৰ সন্তাপ পালে। চাৰু গোহাঁইদেৱ মোৰে নিচিনা সৰুতে মাউৰা; তেওঁ এতিয়া ঘাট মাউৰা হ'ল! সেই কাৰণে, ৰজা আৰু ডাঙৰীয়া বিষয়া সকলোৱে গোহাঁইদেৱক বৰ মৰম কৰিবলৈ ধৰিলে। আৰু সকলোৱে ভাবি-চিন্তি চাই তেওঁক পিতৃ-বন্ধু মোৰ দেউতাৰ সাৱধানত থবলৈকে সিদ্ধান্ত স্থিৰ কৰিলে।