দেউতাক আৰু এগৰাকী বিয়া কৰাৰলৈ পৰামৰ্শ দিছিল, কিন্তু ককাইদেৱেক সকলৰ দশালৈ চাই তেওঁ তেনে হিত উপদেশ নললে। অন্তত তেওঁ সন্তানৰ আশা এৰি দি নিশ্চিত হৈছিল। এনেতে ঈশ্বৰৰ ইচ্ছাত এই অভাগিনীৰ জন্ম হয়। দেউতাৰ আনন্দৰ পাৰ নোহাৱা হল। পণ্ডিতে পুথি-পাঁজি চাই মোৰ নাম ভানুমতী ৰাখিলে।
কথমপি মোৰ তিনি বছৰ হওঁতেই ঈশ্বৰে মোক মাউৰী কৰিলে। মাকৰ চেনেহৰ—যি পৱিত্ৰ স্নেহৰ তুলনা নাই—তাৰ সোৱাদ মই ভালকৈ নুবুজিলোঁ। কিন্তু কেতিয়াবা সুঁৱৰি চালে মোৰ স্বৰ্গীয়া আইতাৰ মুখখানিলৈ মনত পৰে। আৰু সেই চালুকীয়া বয়সত আইতাৰ আঁচলত ধৰি ডেও দি ফুৰা, কেতিয়াবা কোনোবাই ধৰ বুলিলে লৰ মাৰি আইতাৰ গাত গবা মাৰি ধৰা, আইতাৰ মূৰ মেলাই দিয়া আৰু কেতিয়াবা ওকণী চাওঁতে আমনি পাই কান্দি বলিয়া হোৱা এইবোৰ কথা এতিয়া ৰিণিকি ৰিণিকি মনত পৰে। আইতা ধুকাবৰ পৰা মই দেউতাৰ মানত আলাসৰ লাৰু যেন হলোঁ। তেও সততে মোক ওচৰৰ পৰা নেৰা হল। ময়ো দেউতাক এক্ষন্তেক নেদেখিলে আন্ধাৰ দেখোঁ।
এই দৰেই মোৰ জীৱনৰ চালুকীয়া কাল পাৰ হল। তাৰ পাচত মই যিমানেই বুজন হৈ আহিলো সিমানেই দেউতাৰ লগ ধৰা অভ্যাস পাতল হৈ আহিল। এই নিয়মে লাহে লাহে মোৰ বয়স চৈধ্য বছৰত সোমালহি। তেতিয়াৰে পৰা আল-পৈচান ধৰাত বাজে দেউতাৰ ওচৰ চাপিবলৈ মোৰ কাৰণ নোহোৱা হল। আৰু লাহে লাহে পিচলৈ অকলৈ থাকিহে ভাল লগা হল। কিন্তু অকলৈ থাকোঁ বুলি চিন্তাই মোৰ লগ নেৰে। ধৰিবলৈ গলে, পাচলৈ চিন্তা মোৰ লগৰীয়া সখী হেন হৈ উঠিল। কেতিয়াবা এই চিন্তাতে ভোল গৈ আপোন-পাহৰা হওঁ। এনে কি, পাচলৈ মোৰ ভাব-গতি দেখি দেউতা চিন্তাযুক্ত হবলৈ ধৰিলে।
লাহে লাহে চিন্তা মোৰ লগৰ লগৰী, মৰমৰ সখী আৰু সুখৰ কাৰণ হৈ উঠিল। দেউতা ৰজাৰ চৰালৈ ওলাই গলেই মই আগফালৰ ফুলনিত, নাইবা পাচফালৰ পুখুৰী পাৰত বহি চিন্তাৰ লগৰী হওঁ। তেতিয়া জগৎ-সংসাৰ নিতাল মৰা যেন পাওঁ। গছৰ পাত এখিলা সৰি পৰিলেও সাৰ পাওঁ। এই অৱস্থাতে এদিন দুপৰীয়া। জেঠৰ বাৰ খৰৰ তৃতীয় খৰ। ৰদে খাওঁ খাওঁ মূৰ্ত্তি ধৰিছে। আকাশত মৰল দিছে। গছৰ পাত লেৰেলি পাতত দিয়া টেঙেচিৰ দৰে হৈছে। বাহিৰত ধানলুভীয়া কাউৰী আৰু বোৱাৰীত বাজে দেউ—মনিচ কাকো দেখিবলৈ নাই। সকলোৱে ভিতৰত বহি শাঁত হৈছে। কিন্তু বোৱাৰী বেটীৰ শান্তি নাই, ধান হাত দিওঁতে হাইমাণ। ঘামে জুৰুলি