পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাথ বৰুৱা।

ভানুমতী
প্ৰথম আধ্যা
আপোন-চিনাকী

 মোৰ নাম ভানুমতী। মই দেউতাৰ বহু সাধনাৰ ফল, একেটি ৰত্ন। মোৰ জীৱনৰ আদি ছোৱাৰ কথা একোকে মনত নপৰে। যি অলপ-অচৰপ ক'ব পাৰোঁ, সি কেৱল এনাই-দেউতাৰ মুখৰপৰা শুনা কথাহে। মোৰ দেউতাৰ চাৰিগৰাকী ভাই-ককাই। দেউতা সবাতোকৈ সৰু। পুথাও দেউতা ঢুকোৱাৰ পাচৰপৰা তেওঁ ককাইদেউসকলৰ আদৰত উলহৰ মাদলি আছিল। পিছে যেতিয়া সিবিলাক তিনিগৰাকীয়ে এজন-এজনকৈ বিয়া কৰাই উঠি, আপাদেউসকলৰ হাতত ঘূৰা উঘাৰ নিচিনা হ'ল, তেতিয়াৰে পৰা সেই উলহৰ মাদলি লাহে লাহে বেজাৰৰ কেৰোণ যেন হ'বলৈ ধৰিলে। তাৰ পিছত আকৌ আপাদেউসকলৰ লেখ লাহেকৈ তিনি গৰাকীৰপৰা ছগৰাকীলৈ উঠিল। আৰু তেতিয়াৰপৰাহে ঘৰত দিনে-ৰাতিয়ে কছাৰি ৰণ লাগিবলৈ ধৰিলে। ঘৰত কাৰো সুখ-শান্তি নোহোৱাত পৰিল। দেউতাৰ দুৰ্গতিৰ সীমা নাথাকিল, আৰু লাহে লাহে এইবোৰ কথা ৰজাৰ কাণত পৰিলগৈ। স্বৰ্গদেৱে মন্ত্ৰী আৰু বিষয়াসকলৰে সৈতে যুগুতি কৰি, দেউতাক মতাই নিয়ালে। আৰু, চ'ৰাৰ বিচাৰ মতে বৰ নিচাও দেউক ভাঙি পুথাও-দেউতাৰ মৰাণ-ডেকাবৰুৱা বিষয়-বাব দেউতাক দিলে। দেউতাৰ স্বভাৱ চৰিত্ৰ আৰু কথাবাৰ্ত্তাত স্বৰ্গদেৱ বৰ সন্তুষ্ট হৈছিল। গতিকে ৰাজ-অনুগ্ৰহৰ বলত দেউতাৰ প্ৰতিপত্তি আৰু ক্ষমতা সোনকালে বাঢ়িবলৈ ধৰিলে। তাৰ লগে লগে তেওঁৰ ঘৰ-গৃহস্থী, সুখ-সম্পদ, মান-গৌৰৱ আদিও বাঢ়ি আহিল। কিন্তু ইমানবোৰ বাহিৰৰ সুখ-সম্পদেও তেওঁৰ অন্তৰত সুখ-শান্তি দিব নোৱাৰিলে,—তেওঁৰ সদায় বিষাদ, সদায় মন-মৰা। তাৰ কাৰণ হৈছিল, বহুকাললৈকে তেওঁৰ সতি-সন্তান নাছিল। কিমান যাগ-যজ্ঞ, পূজা-সেৱা আদি কৰালে, সকলো মিছা হ'ল। বন্ধুবান্ধৱে