৫৯৮ অসমীয়া সাহিত্যৰ চানেকি। আত্মসংযম। আত্মসংযম সাহসৰ এটী ৰূপান্তৰ মাথোন। ইয়াক স্বভাৱৰ এটী প্ৰধান অঙ্গ বুলিলেও বুলিব পাৰি। এই কথা লৈয়েই মহাকবি শেক্সপিয়েৰে কৈছে “আগ পিছ গুণি যি কাৰ্য কৰে, তেওঁকেই মানুহ বোলে।” এই গুণটিৰ দ্বাৰাই মানুহ আৰু জন্তুৰ বিভিন্নতা জনা যায়। এই গুণ নেথাকিলে কতো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল-স্বৰূপ। কোনো কাৰ্য্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকোলাই দিয়া যায়, তেন্তে সেই দিনৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হব। তেনে মানুহ জীৱনৰ সোঁতত উঠি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায়-অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল “আত্মসংযম” গুণৰ দ্বাৰাইহে সাধিব পাৰি। আত্মসংযম গুণে শাৰীৰিক আৰু নৈতিক জীৱনক বেলেগ বেলেগ কৰি দিয়ে আৰু ইয়েই মানুহৰ স্বভাৱ-গঠনৰ প্ৰধান উপায়। “যি বলীয়ে ৰাজ্য দখল কৰে, তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে, তেওঁৱেইহে প্ৰশংসাৰ যোগ্য।” এইবিধৰ বলী মানুহে, শিক্ষাৰ বলত নিজৰ ভাব, আৰু কাৰ্যক সদাই দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি, সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসম্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদাই এই বিলাক গুণলৈ চকুৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয়, আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিয় হয়। | স্বভাৱৰ আচল ধৰণি অভ্যাস, আৰু মনটোক ভাল পিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়া পিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰীয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবাও পাৰে। সাৱধানেৰে শিক্ষা কৰিলেই ‘অভ্যাস’ গঠিত হয়। বিবেকৰ অধীন হবলৈ শিক্ষা কৰিলে কিমান ভাল কাম কৰিব পাৰি, তাক শুনি আচৰিত হব লাগে। সকলো কথাৰে মুল শিক্ষা, ইয়াৰ বলত মানুহে যে কেনে সাহসী ধৈৰ্যশীল আৰু
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬১
অৱয়ব