আত্মসংযম। ৫৯৯ পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত, কিম্বা সাগৰত যাওতে, কোনো কোনো মহাবিপদৰ সময়ত তেনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বিৰত্বৰ শলাগ লব লগীয়া উদাহৰণ দেখুৱাই। নৈতিক শিক্ষা স্বভাৱ গঠনৰ সম্পৰ্কে কম পৰাক্ৰমী নহয়। ই নহলে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আৰু একো উপায় নাই। আত্মসম্মান, বিবেকিতা আৰু কৰ্তব্য-পালন এই কেইটি গুণ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। আত্মাবলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয়, তেওঁৰ নৈতিক স্বভাৱও তিমান ভাল হয়। তেওঁ নিজৰ আকাঙ্খকো শিক্ষা দিব লাগে। আৰু এই পৃথিবীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। আকাঙ্খক বিবেকৰ • কথা শুনা কৰিব লাগে। নহলে সেইবিলাক মনোগতিৰ বশবৰ্তী হৈ পৰিব। | হাবাৰ্ট স্পেশ্চাৰে কৈছে “আত্মসংযম কৰিব পৰা মানুহেইহে সুআহি মানুহ। মনৰ বা প্ৰৱল ইচ্ছাৰ বলত লৰচৰ নোহোৱা আত্ম-শাসনকাৰী মানুহে নিজক তুলাচনিৰে জুখিব পাৰে। | নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হইছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালি, শেহত এই জগৎ। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে কৰোক নকৰোক তা ভ্যাসৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। আদিতে নিজৰ ঘৰত শিক্ষা নহলে ভাল শিক্ষাৰ আশা কোনোমতে কৰিব নোৱাৰি। যি বিলাক অভিভাবকে লৰা অশিক্ষিত ভাৱেৰে ডাঙ্গৰ হবলৈ দিয়ে তেওঁবিলাকৰ প্ৰতি ধিক্কাৰ আৰু তেওঁবিলাকৰ কুলৰৰ ধিক্কাৰ। যতে শিক্ষা অতি ভাল হয়, আৰু যতে শিকিলেও শিকাৰ গুণ ধৰে সেইয়েই শিক্ষাৰ উত্তম ঠাই বা ঘৰ। নৈতিক শিক্ষাই প্ৰকৃতিৰ নিয়মৰ অনুবৰ্তী হৈ কাৰ্য কৰে। এই শিক্ষাৰ দ্বাৰাই যি বিলাক মানুহে জীৱনক কু-অভ্যাসৰ তলতীয়া নকৰাকৈ কাম কৰিব পাৰে তেওঁৰ পৰাইহে নিজৰ, সমাজৰ আৰু দেশৰ উপকাৰ সাধন হয়। গৃহস্থালী শিক্ষাৰ গুৰুত্ব বিষয়ে চিস্পেল পেন্নিংক্স, চাহাবৰ ঘৈনীয়েকৰ “জীৱন-চৰিতত” এটা প্ৰকৃত ঘটনা সুন্দৰৰূপে তলত লেখা দৰে বৰ্ণিত আছে; কোনো এজনা ভদ্ৰ মানুহৰ তিৰুতাই গিৰিয়েকৰ সৈতে ইংলণ্ড আৰু আন মহাপ্ৰদেশৰ বহুত পগলাফাটক চাই ইয়াকে জানিব পাৰিলে যে, যিবিলাকে সৰুতে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬২
অৱয়ব