পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেউতী কিৰণ। ৫৯৭ নোবাৰে, কি অপাৰ্থিব পদাৰ্থেৰে তেও সৃষ্ট হৈছে। মই যত বাৰ তেওঁলৈ চাও, মোৰ একে জোৰ চকুৰেই মই তেওৰ ৰূপৰ বিভিন্নতা দেখে। কিন্তু যি মূৰ্ত্তিৰ পৰা এনেকুৱা সুশীতল লাৱণ্য বিনিঃসৃত হয়, সেই মূৰ্তিয়েই ঈৰ্ষাগ্নিৰ উৎপত্তিস্থান হৈছে; তাৰ প্ৰভাৱত আজি মোৰ এই শৰীৰ ধাতু শুহিছে। তেও মোত অকাৰণত কোপ কৰিছে। ওপজাৰে পৰা দেখাদেখিকৈ দুয়ো একেলগে বাঢ়িছে; সদাই এক ক্ৰীড়াভূমিত উমলিছিলোঁ, সাবটাসাবটি কৰি ককাইভনীৰ দৰে একে হাঁহি হিছিলো। সেই স্নেহ এতিয়া স্নেহ-ভক্তিত পৰিণত হৈছে। মই তেওঁক ককাইক যেনে, তেনে স্নেহ দেখাও গুৰুক যেনে তেনে ভক্তি দেখাও; কিন্তু স্বামীক যেনে, তেনে ভালপোৱা দেখাব নোৱাৰে। তেওঁৰ প্ৰতি মোৰ স্নেহ প্ৰভূত, মোৰ ভক্তি অগাধ। মই কেতিয়াও অবিশ্বাসী হোৱা নাই। কিন্তু তেওঁৰ ঈৰ্ষা হিমাচলৰ নিচিনা অটল। আজি কালি তেওঁ মোৰ কথাত উত্তৰ নিদিয়ে। এতিয়া মোৰ জীৱন-ভূমি কণ্টকাকীৰ্ণ যেন লাগিছে; মই বহুত কষ্টেৰে তাত ভৰি পাৰি আছোঁ।। এই ঈৰ্ষা, মোৰ প্ৰতি তেওঁৰ অতুল মৰমৰ প্ৰসূতি মাথোন, এই কথা নজনা হলে, মই কেতিয়াবাই দুখসঙ্কুল জীৱনৰ ধ্বংস কৰিলোঁহেঁতেন। এই ঠাইতে এখনি নৈ বওক, তাৰ কুল কুল শোকধ্বনিৰে মিলাই, পাৰত বহি মই কান্দিবলৈ ধৰে।। ইয়াতে এটি কুঞ্জ হওক, অভ্যন্তৰত নীৰলে চকুলো উলিয়াই সুখলাভ কৰে।।। সুৰথৰ প্ৰবেশ। সুৰথ। সেউতি! তোমাৰ মুখত চন্দ্ৰৰ জ্যোৎস্না নেখেলা হৈছে কিয়? সেউতী। আহ, উপবেশন কৰাঁ। সুৰথ। তোমাৰ শাৰীত বহিবলৈ মোৰ অধিকাৰ জন্মিছে, মোৰ মন তোমাৰ অৱস্থাপন্ন হৈছে; তোমাৰ মন বিষন্ন যেন দেখিছে, মোৰ আজি তদ্ৰুপ। সেউতি! আজি মই বন্ধুশোকত কাতৰ হৈছে, কিৰণৰ স্বভাৱ নষ্টপ্ৰায়। তেওঁ দিনে দিনে স্বেচ্ছাচাৰী হৈ উঠিছে; মদপানত উচ্ছ ত্ৰ ভাবে আসক্ত হৈছে; বেশ্যালয়ত কালাতিপাত কৰে; অপ্ৰতিপালিত জীৱন ধৰিব লাগিছে। সেউতী। মোক আইতাই সোনকালে মাতিছে। তোমাৰ যদি কিবা কবলগীয়া আছে, আন সময়ত কবা। এতিয়া যাব লাগিল। [ উভয়ৰ প্ৰস্থান।