৫৯৬ । অসমীয়া সাহিত্যৰ চানেকি। তলুৱা নিজৰ গালত লগাই, আৰু পাছে তাত চুমাখাই,) সেউতি! তুমি সুখেৰে কালযাপন কৰাঁ, আৰু মোৰ নিমিত্তে চিন্তা নকৰিবা। [ উভয়ৰ প্ৰস্থান। দ্বিতীয় অঙ্ক। প্ৰথম দৰ্শন। সুৰথৰ প্ৰবেশ। সুৰথ। সেউতীৰ ৰূপত মই মোহিত হৈছে। তেওঁক এখনন্তক নেদেখিলে, মোৰ জীৱন-তৰা অস্পষ্ট হয়। তেও মোক আগেয়ে মৰম কৰিছিল, এতিয়া মোৰ প্ৰতি সেই বাৱহাৰ নাই। পূৰ্বে মোৰে সৈতে তেওঁ স্বচ্ছন্দৰূপে কথাবাৰ্তা কৰিছিল; মোৰ ওচৰত হাঁহিছিল মাতিছিল। এতিয়া তেও সদায় চকিতভাবে থাকে। যি হাঁহিৰে ফুল বিকশিত হৈছিল, তেওঁৰ মুখত এতিয়া সেই হাঁহি নাই। তেওঁৰ স্বৰ শুনি, গীতকণ্ঠ কুলি লাজত নীৰৱ হৈছিল; এতিয়া তাত পূৰ্ব শক্তি নাই। তেওৰ সেই চঞ্চল, সুখচল গতি বয়সিয়াল গৃহিনীৰ দৰে স্থিৰ, গান্তীৰ্যৱন্ত হৈছে। এই বিলাক দেখি মোৰ মনৰ স্থ্যৈ নোহোৱা হৈছে। তেওঁ যদিও মোক নিৰ্দোষ ভাৱে চায়, তত্ৰাচ ভাবিছিলোঁ, মই তেওঁৰ মন ফিৰাব পাৰিম। তিৰোতাৰ মন যদিও মণিৰ নিচিনা দৃঢ় হয়, তত্ৰাচ সি চন্দ্ৰকান্ত মণি- চন্দ্ৰৰ খোচামোদী কিৰণৰ সংস্পৰ্শত তাৰ কঠিন শৰীৰ দ্ৰৱীভূত হয়। কিৰণৰ সংস্পৰ্শত যথাৰ্থত তেওতে দ্ৰৱীভূতা হল; কিন্তু হায়! সেই কিৰণ মোৰ সম্বন্ধীয় নহয়। সেউতী কুমলীয়া লতা, তেওঁৰ নিজৰ স্বাধীনতা নাই, নানা প্ৰকাৰ বুদ্ধি সাজি কিৰণ তেওঁৰ আশ্ৰয়-বৃক্ষ হৈছে। কিন্তু মই যদি সেই বৃক্ষ আঁতৰাব পাৰে, তেনেহলে স্বধৰ্ম্মতঃ লতা আহি মোত আশ্ৰয় লব। সেউতীয়ে মোক নিশ্চয় ভাল পায় কেৱল কিৰণৰ ভয়ত ভালপোৱা দেখাব নোৱাৰে। [ প্ৰস্থান। দ্বিতীয় দৰ্শন।—হৰদত্তৰ ফুল-বাগিচা। সেউতীৰ প্ৰবেশ। সেউতী। মই কিৰণক যিমান ভাল পাও', মোৰ হৃদয়ৰ দেৱতাত বাজে তাক আনে নেজানে। মই তেওৰ ৰূপত কি মাধুৰ্য দেখে, মোৰ চকুৰ মণিত বাজে আনে তাৰ বুজ নেপায়। তেওত মোৰ আসক্তি বৰ্ণনাতীত। মই কব
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৯
অৱয়ব