সেউতী কিৰণ।। ৫৯৫ কিৰণ। তোমাৰ পাপ-চৰিত্ৰ ইমান দিন লুকাই থৈছিলা, মই গম ধৰিব নোৱাৰিছিলোঁ। তোমাৰ লাৱণ্য চন্দ্ৰৰ ৰশ্মি। ' (সেউতীয়ে কিৰণৰ কোলাত হাত থয়)। | মোৰ কোলাৰ পৰা হাত আঁতৰোৱ।। চন্দ্ৰত কলঙ্ক আছে, তোমত দোষ আছে। তুমি অবিশ্বাসী; তোমাৰ কপট আচাৰ। তুমি সুৰথৰ নিমিত্তে প্ৰাণ উছৰ্গি দিলা; এতিয়া সেই প্ৰাণ ওলটাই নানিবা তুমি পুনৰ অবিশ্বাসী নহবা। সেউতী। সুৰথৰ- •. কিৰণ। মই সকলো স্পষ্টকৈ দেখিছোঁ। এতিয়া আৰু মই তোমাৰ কপট সৌন্দৰ্যক চাকি কৰি লোৱা নাই। প্ৰথমে ভাবিছোঁল, যদিও তুমি মোক বাসনাযুক্ত ভাৱেৰ চাব নোৱাৰ, তথাপি তোমৰ মৰম অতি গাঢ়। যদি সেয়ে হয়, তেন্তে সি বৰ ভাল কথা, ইয়াকে ভাবি মই ৰাগীৰ বশীভূত নহলো— বিশুদ্ধ প্ৰেমত গা ঢালি দিলোঁ। প্ৰকৃতি অদম্যা—তোমাৰ প্ৰকৃতি সজাৰ বাজ হল। বিমল অনন্ত প্ৰেম-সাগৰৰ পৰা তুমি বহুত নিলগত। সেউতী। মই সুৰথৰ— কিৰণ। সেউতী! আৰু নকবা, আৰু নকবা। মই তোমাৰ কথা বহুত শুনিলে।। (সেউতীৰ চকুলো ওলায় মই তোমাৰ নিমিত্তে বহুত দিন কান্দিলে। আৰু মই নেকান্দে, এতিয়া তুমি কাল। পাপৰ সোৱৰণীত এতিয়া তোমাৰ আত্মত ঘাত-প্ৰতিঘাত হৈছে; আৰু তোমাৰ উপায় নাই। মই তোমাক দেবী বুলি জ্ঞান কৰিছিলোঁ। মোৰ নিজক মই তোমাৰ দ্বাৰা চিনাকি দিছিলোঁ। মোৰ ভিন্ন অস্তিত্ব নাছিল। ভাবিছিলোঁ, মোৰ সুখ নিৰৱচ্ছিন্ন হব; এবাৰ নেভাবিলে, বিধাতাৰ ৰাজ্যত তেনে সুখৰ ঠাই নাই। তুমি যদি মোৰ হলহেঁতেন, মোৰ এই নিৰতিশয় দুখময় জীৱনতকৈ আৰু সুখী জীৱন নেথাকিলহেঁতেন। মই দেউতাৰ একেটি লৰা; মোক তেওঁ বৰ মৰম কৰে। তোমাৰ নিমিত্তে তেনেকুৱা দেউতাৰ আদেশ প্ৰতিপালন নকৰা হৈছে; আইতাৰ মনত শোক দিছোঁ; বন্ধুবান্ধৱেৰে সৈতে আঁতৰি হৈছে। যেতিয়াই মোক টকাকড়ি লাগে বুলিছিলো, দেউতাই মোক তেতিয়াই দিছিল। অশিক্ষিত হাতত টকা-কড়ি পৰাত, সৰু কালতে মই মদপানত অনুৰক্ত হলো। এই দৰে মোৰ জীৱন অনাদৰত অতিবাহিত হল। কিন্তু সেই কুশিক্ষা আজি মোৰ শিক্ষা হল। তেনেকুৱা অযত্ন জীৱন নিয়াবলৈ নিশিকা হলে, আজি মোৰ হৃদয় ভাগি গলহেতেন। (সেউতীৰ হাতৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৫৮
অৱয়ব