পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ৫৭৭ জাপি লয়, ফুঙ্গিবিলাকেও তেনেকুৱা জাপিলৈ ফুৰায়। ফুঙ্গিবিলাকে বৌদ্ধধৰ্ম্মৰ শাস্ত্ৰ জানে, আৰু নিজে পৰিশ্ৰম কৰি আজিৰ্জ নেখায়, আমাৰ দেশৰ বাপু সকলৰ দৰে সৰ্বসাধাৰণৰ ওপৰত জীবিকা নিৰ্ভৰ কৰে। কিন্তু ইয়াৰ ভিতৰত অলপ প্ৰভেদ আছে। আমাৰ বাপু সকলে ফুলৰ নিৰ্ম্মালি এপাহ বা আশীৰ্বাদ এজোলোকা দি, দক্ষিণ৷ স্বৰূপে ধন-বিত, বা তদভাবে ভোজন। এটি বা কাপোৰ কানি এডোখৰ খুজিলয়, কিন্তু ফুঙ্গিবিলাকে কেতিয়াও কোন বস্তু খুজি নলয়, আন কি খাবলৈ আহাৰ পৰ্যন্ত খুজি নলয়, সিহঁতে গৈৰিক বস্ত্ৰ পিন্ধি বৌদ্ধধৰ্ম্মৰ শাস্ত্ৰলৈ তললৈ মূৰকৈ পঢ়ি থাকে, যাৰ ইচ্ছা হয় খাবলৈ অহাৰ আৰু পিন্ধিবলৈ কাপোৰ ইত্যাদি দি যায়। যেই সেই মানুহে ৰান্ধি দিয়া ভাতকে সিহঁতে খায়; আৰু সিহঁতৰ ভিতৰত শুনিছো, তিতাৰ মুখৰ ফালে চোৱাৰ নিয়ম নাই। মানহঁতৰ ধৰ্ম্মসম্পৰ্কীয় সকলো ক্ৰিয়াকে ফুঙ্গিতেই সমাধা কৰে। পাঠক, ক্ষমা কৰিব, ফুঙ্গিৰ কথা কবলৈ গৈ আচল শৱ সৎকাৰৰ কথা পাহৰিয়ে গৈছে। চতুৰ্দোলৰ ওপৰত নিয়া শৱটোৰ পাছত ঘোঁৰাৰ গাড়ীত উঠি ভদ্ৰশ্ৰেণীৰ মুনিহ আৰু তিৰুতাবিলাক গৈছিল। শৱৰ ওচৰে ওচৰে তাল আৰু পেপা বজাইছিল। বাজনা বৰ শোকোচ্ছাসক। কিন্তু আচৰিত কথা এই যে, শৱৰ লগত যোৱ মানুহবিলাকৰ কাকো ঢকু-লো টোকা বা শোক কৰা। নেদেখিলে। মৰা-শৱ নিয়া চতুৰ্দোল খন বৰ ধুনীয়া, ৰূপপাৱালী আৰু সোপণাৱালী বৰণৰ ওপৰত এটি কলাদিল আছে। মানতে প্ৰায়েই শৱদাহ নকৰে; সিহঁতে মৈদাম সাজি পুতি থয়; কিন্তু বৰ ডাঙ্গৰ মানুহ-সকলৰ শৱদাহ কৰিবৰ নিয়ম আছে। নাট্যশালা-কলিকতাৰ দৰে ৰেঙ্গুন নগৰতো নাট্যশালা আছে। দেশীয় মানুহৰ আমোদৰ নিমিত্তে “দেয় পিলে হল” নামে প্ৰকাণ্ড ঘৰত প্ৰায়েই ৰাতি পাৰ্চি থিয়েটাৰ হয়। আজি ৰাতি এই নাট্যশালাত অভিনয় হবৰ কথা আছিল। মোৰ লগৰীয়া বন্ধুৰ শৰীৰ অসুস্থ থকাত আমি যাব নোৱাৰিলোঁ। ১৭ মাৰ্চ ১৮৯৩। ফয়া। ৰেন নগৰ পেগডাৰ নিমিত্তে বিখ্যাত। “চুলে” পেগডাৰ কথা ইতিপূৰ্বে কৈ আহিছোঁ। আজি প্ৰধান বৰ্ম্মিজ পেগ বা “ফয়া” চাবলৈ গৈছিলোঁ। হিন্দুস্থানৰ ভিতৰত “তাজমহল” যেনে, ব্ৰহ্মদেশৰ ভিতৰত “ফয়া” তেনে এক অতি ৰমণীয় বস্তু। এই ফয়া নোচোৱাকৈ ৰেনৰ পৰা উলটি গলে ৰেনলৈ অহা। ৭৩