পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. ৫৭৬ | অসমীয়া সাহিত্যৰ চানেকি। ওপৰ উঠিব, অযোগ্য তললৈ যাব। অসমীয়া জাতি, অসমীয়া সমাজ, অসমীয়া ভাষা সকলোৱে কিছু পৰিমাণে নকৈ গঢ় লব।। “ব্ৰহ্মাষ্টেট,-ৰেলওৱেৰ” ষ্টেচনটো দেখিবলৈ শুৱনি; ছাল আৰু বেৰবিলাক কাঠেৰে সজা, তখন ইটাৰে পকা কৰা। ৰেলৰ গাড়ীবিলাক কলিকতাৰ ফালৰ গাড়ীবিলাকতকৈ অশুৱনি; প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণী আছে, মধ্যম শ্ৰেণী নাই। ৰেঙ্গুনৰ পৰা প্ৰোম নগৰলৈকো এই ৰেলৰ এটা লাইন গৈছে। ৰেলৱে ষ্টেচনত কেৰেয়ালৈ ঘোড়া গাড়ী, গৰুৰ গাড়ী, কুলি ইত্যাদি পোৱা যায়। যাত্ৰীসকলৰ নিমিত্তে নানাবিধ ফল-মূল, মিঠাই আৰু বিলাতী পানী ইত্যাদিৰে। বন্ধৱস্ত আছে। মন্দালয় নগৰলৈ ৰেলেৰে যাব পাৰি আৰু জাহাজেৰেও যাব পাৰি। ফ্লটিলা কোম্পানীৰ দুই মহলীয়া জাহাজকেইখন মানে সপ্তাহত দুবাৰকৈ ৰেনৰ পৰা মন্দালয়লৈ যাত্ৰী অনানিয়া কৰে। কিন্তু জাহাহতকৈ ৰেলত যোৱাই বেচি সুবিধাজনক। বুলক ব্ৰাদাচ।—বুলক ব্ৰাদাচ কোম্পানী, ব্ৰিটিচ-ইণ্ডিয়া-স্ত্ৰী নেভিগেশন কোম্পানীৰ ৰেঙ্গুনৰ মেনেজিং এজেন্ট। ৰেঙ্গুনৰ পৰা কলিকাতালৈ আহিবৰ হলে এই কোম্পানীৰ তাত টিকট লব লাগে। আমি এই কোম্পানীৰ তালৈ গৈ কলিকতালৈ অহা জাহাজৰ খোটালি এটা ঠিক কৰি আহিলোঁ। “পেন্টাকটা” জাজ, হংকং, চিঙ্গাপুৰ আৰু মাউলমেইন প্ৰভৃতি ঠাইৰ পৰা আহি ৰেঙ্গুন পাবহি। আৰু শনিবাৰে ৰাতি দুটা বজাত সেই জাহাজে ৰেঙ্গুনৰ বন্দৰ এৰি কলিকতালৈ যাব। সেই জাহাজত আমাৰ যোৱা ঠিক কৰি হোটেললৈ উলটি আহিলোঁ।।। | বৰ্ম্মিজ শৱ-সৎকাৰ।—আমাৰ হোটেলৰ ২য় মহলৰ বাৰাণ্ডাত বহি, দুই। বন্ধুৱে কথোপকথন কৰি, আলিবাটৰ মানুহ চাই থাকোতে, বৰ্ম্মিজ মানুহৰ শৱ এটা সৎকাৰৰ নিমিত্তে নিয়া দেখিলোঁ। এই শৱ-সৎকাৰ চাব লগীয়া বস্তু :- প্ৰথমতে এখন গৰুৰ গাড়ীত বহি কেইজন মান মানুহে পেঁপা আৰু বাজনা বজাই গৈ থাকে। তাৰ পাছত ক্ৰমাগত ৫৬ খন গৰুগাড়ী যায়। এই গাড়ীবিলাকৰ প্ৰতি প্ৰতি খনতে অনেক হালধীয়া নিচান লগোৱ থাকে।। তাৰ পাছত অনেক মুনিহ আৰু তিতা খোজ কাঢ়ি যায়। মৰা শৱটোক চতুৰ্দোলৰ নিচিনা অতি সুন্দৰকৈ সজোৱা এখন দোলাত, শুৱাই, গাত কাপোৰ দি ঢাকি কেবাটাও মানুহে কান্ধতকৈ নিয়ে। শৱৰ আগত পাটৰ কাপোৰৰ নিচিনা ঈষৎ হালধীয়া বৰণৰ কাপোৰ পিন্ধি কিছুমান “ফুঙ্গি গৈছিল। ফুঙ্গি মানহঁতৰ বৌদ্ধ পুৰোহিত। ফুঙ্গিবিলাকৰ মূৰবিলাক খুৰুৱা, জগন্নাথৰ পাণ্ডাবিলাকে যেনেকুৱা নাল-লগ।।