পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• ৫৭৮ অসমীয়া সাহিত্যৰ চানেকি। অসাৰ্থক বুলিব লাগে। এই ফয়াৰ প্ৰৱেশ-দুৱাৰৰ দুপিনে দুটা শিলেৰে সজা প্ৰকাও সিংহমূৰ্ত্তি আছে; প্ৰথম মন্দিৰলৈ সোমাই দ্বিতীয় মন্দিৰলৈ সোমাব লাগে, দ্বিতীয় মন্দিৰৰ পৰা তৃতীয় মন্দিৰলৈ, তৃতীয়ৰ পৰা চতুৰ্থ; এই দৰে অনেক মন্দিৰ পাৰ হৈ ক্ৰমাগত ওপৰলৈ উঠি গৈ থাকিব লাগে; শেহত এখন বৰ ডাঙ্গৰ বৰ দীঘল, শিলৰ চোতাল পোৱা যায়; এই চোতালৰ চাৰিওফালে আকৌ সৰু সৰু মন্দিৰ; চোতালৰ ঠিক মাজত প্ৰধান পেগডাৰ সুবৰ্ণময় ঘৰ; চোতালত ঠিয় হৈ আমি গোটেই খন ৰেঙ্গুন নগৰৰ দৃশ্য দেখিবলৈ পালোঁ, পূৰ্বে কৈ অহা বাটৰ মন্দিৰবিলাকতত সোণ আৰু ৰূপৰ অনেক কাৰুকাৰ্য কৰা আছে; কিন্তু প্ৰধান পেগডাৰ প্ৰায় গোটেই ঘৰটো সুবৰ্ণময়; এই ঘটিয়েই মানহঁতৰ প্ৰধান বৌদ্ধ মন্দিৰ। এই মন্দিৰৰ ভিতৰত বগা নিমজ শিলৰ আৰু ধাতুৰ অনেক প্ৰতিমূৰ্তি আছে। আমি অনুসন্ধান কৰি জানিব পাৰিলে। সেইবিলাক বুদ্ধদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য সকলৰ প্ৰতিমূৰ্ত্তি। ফুঙ্গিবিলাকে চাকি লগাই, ঘণ্টা কোবাই ফুল- নিৰ্ম্মালিৰে সৈতে এই প্ৰতিমূৰ্ত্তিবিলাকক পূজা কৰা দেখিলোঁ। কোনো কোনো ফুঙ্গিয়ে তাল পাতত লেখা পৃথিবিলাক একান্ত মনে পাঠ কৰিছে; কোনোৱে ফুলবিলাক মূৰ্তিবিলাকৰ গালৈ চতিয়াইছে, কোনোৱে মুখেদি কিবা গাইছে। চাৰিওফালৰ সৰু সৰু মন্দিৰবিলাকত নানা প্ৰকাৰ গীত আৰু বাদ্য হব লাগিছে; মান-তিৰুতাবিলাকে সৰু সৰু দোকান মেলি বহি আছে; দৰ্শকৰ ভোক পিয়াহ লাগিলে সেই দোকানৰ পৰা বস্তু কিনি খাব পাৰে। কোনো ঠাইত কোনো মান-গাভৰুৱে বহি ফুলৰ দোকান দিছে; কোনো ঠাইত কোনো বুঢ়া ফুঙ্গিয়ে বৌদ্ধ-ধৰ্ম্মৰ শাস্ত্ৰ-তত্ত্বত বুৰ গৈ দহ বাৰ জনক গোটাই লৈ ধৰ্ম্মৰ কথাবাৰ্তা কৈছে; প্ৰধান মন্দিৰলৈ উঠা বাটৰ মন্দিৰবিলাকতত নানা প্ৰকাৰ সুন্দৰ সুন্দৰ বস্তুৰ দোকান আছে; আৰু প্ৰায় বিলাক দোকানতেই মান- তিবিলাকক বস্তু বেচা দেখিলোঁ। আমি যেতিয়া প্ৰধান পেগডাৰ ভিতৰ সোমাই গৌতম বুদ্ধৰ মূৰ্ত্তিৰ ওচৰত নমস্কাৰ কৰিলোঁ, তেতিয়া ফুঙ্গিবিলাকে বৰ ৰং পালে; এজন ফুঙ্গিয়ে এধাৰ ফুলৰ মলা আনি আমাৰ ডিঙ্গিত পিন্ধাই দিলেহি; আন এজনে এথোপা গোলাপ ফুল আনি দিলেহি; তাৰ পাছত আমাক দক্ষিণা খোজাত আমি কিছু দি সেই মন্দিৰৰ পৰা ওলাই আহিলোঁ। প্ৰধান পেগড়াৰ সুবৰ্ণমন্দিত চড়া সূৰ্যৰ কিৰণত জিমিকাব লাগিছে; চূড়াৰ একেবাৰে ওপৰত এড়োখৰ বহুমূল্য পাথৰ আছে; ঐৰাৱতীৰ জাহাজৰ পৰাই এই প্ৰকাও পেগডাৰ সোণৰ চুড়া দেখা পায়; এই পেগড়া চাই থাকিলেও আমনি নেলাগে; বৰং যতবাৰ চোৱা যায়, ততবাৰ আকৌ চাবলৈহে