পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ৫৭৫ | পানীৰ কল।—কলিকতাৰ দৰে ৰেনত পানীৰ কল আছে। মাটিৰ তলে তলে প্ৰত্যেক ঘৰলৈকে নলৰ ভিতৰেদি পানী যায়। আলিবাটতো মানুহ আৰু গৰু ঘোৰাই পানী পিবৰ উপায় কৰা হৈছে। | চাকি।—ৰেনৰ আলিবাটত ৰাতি হলে চাকি লগায়। কিন্তু সেই চাকি গ্যাচেৰে নজ্বলে। কেৰাচিন তেলৰ সৰু লেম্প, ভিতৰত আছে, তাৰেহে জ্বলায়। গাড়ী।—মান দেশত অনেক ঘোড়া পাৱা যায়। সেই ঘোড়াবিলাকক গাড়ী টানিবলৈ বেছিকৈ লগোৱা হয়। কলিকতাৰ দৰে ৰেনতে ঘোড়াই টনা গাড়ী বিস্তৰ কেৰেয়ালৈ পোৱা যায়; কিন্তু কেৰেয়াৰ নিৰিখ কলিকাতাতকৈ বেলেগ; আৰু গাড়োয়ানবিলাক মনিদেশৰ মানুহ নহয়; সেই বিলাক মাদ্ৰাজ প্ৰভৃতি ঠাইৰ মানুহ; হিন্দুস্থানী সিহঁতে বুজ পায়, মানদেশৰ ভাষাও সিহঁতৰ আৱশ্যকমতে শিকিলৈছে। ঘৰৰেঙ্গুন নগৰৰ অধিকাংশ ঘৰ কাঠেৰে সজা। চীনদেশীয় বাঢ়ৈয়েই প্ৰায় ঘৰবিলাক সাজে। ঘৰবিলাক ২৩ মহলীয়া আৰু দেখিবলৈ বৰ শুৱনি। কাঠৰ ওপৰত নানা ৰকমৰ বাৰ্ণিচ, দিয়াত ঘৰৰ :শাভা বৃদ্ধি পাইছে। চৰকাৰি অফিচ- ঘৰ কিছুমান ইটাৰে পকা কৰোৱ।। মানহঁতে চাঙ্গৰ ওপৰত ঘৰ সাজি বাসকৰে। গাৱলীয়া মানবিলাকৰো ঘৰবিলাক চাঙ্গৰ ওপৰত। | ৰেলওৱে ষ্টেচন।—ৰেন নগৰৰ অনেক ঠাই ফুৰি ফুৰি আমি ৰেলওৱে ষ্টেচনলৈ গলে।। “বৰ্ম্মা-ষ্টেট-ৰেলওৱেক” গবৰ্ণমেন্টে চলায়। ৰেনৰ পৰা ওপৰ বৰ্মাৰ ৰাজধানী মন্দালয় নগৰলৈকে সম্প্ৰতি এই ৰেল খোলা হৈছে। মন্দালয়ৰ পৰা ভামু নগৰলৈ বাট তৈয়াৰহৈছে; অলপতে তালৈকো ৰেল যাব। শুনিছোঁ ভামুৰ পৰা সেই ৰেল মণিপুৰলৈকে আহি “অসম বেঙ্গল-ৰেলওৱেৰ” লগত মিলিত হব। অসম-বেঙ্গল-ৰেলওৱেৰ” লাইন চট্টগ্ৰামৰ পৰা নগা-পৰ্বতৰ ওচৰেদি মণিপুৰলৈকে হব; আকৌ মণিপুৰৰ পৰা এই ৰেল ডিব্ৰুগড়ৰ ৰেলৰ লগত যোগ হব; এয়ে হলে বঙ্গ, অসম আৰু ব্ৰহ্মদেশৰ ভিতৰত অহাযোৱাৰ অশেষ সুবিধা হব : আৰু তাৰ লগে লগে বাণিজ্য আৰু সভ্যতাৰ বিস্তাৰ আৰু শ্ৰীবৃদ্ধি হব বুলি আশা কৰা যায়। “অসম-বেঙ্গল-ৰেলওৱেৰ কাম শেষ হলে অসমত এক যুগান্তৰ হোৱাৰ নিচিনা হব। অসমৰ হাবি জাৰণি পৰ্বতবিলাকো বিদেশী মানুহৰ বসতিৰে পৰিপূৰ্ণ হব। অসমৰ মাটি ভেটি আৰু খেতি-বেপাৰ সকলোতে খোৱা কামোৰা লাগিব। অসংখ্য বিদেশী মানুহৰ সংঘৰ্ষণত পানীত তেলৰ দৰে, যোগ্য