পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৫
৺আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা।

হাঁহাঁকাৰ ধ্বনি  উঠিল জগতে,
 ভাৰতত আৰু আনন্দ নাই।
ধ্বনিছে পৱন,  বিনায় চৰাই,
 ভাৰতত আৰু আনন্দ নাই।
কোন আৰু হয়   জগত বাসীক
 বিলাব সংস্কৃত কৰিৰ ভাৱ।
কাব্য বুৰঞ্জীৰ   সাগৰক মথি,
 নিতে ন অমৃত কৰিব স্ৰাৱ॥
চোৱাঁ কথা কব   নজনা তোমাৰ
 জননী অসম পৰিল জঁয়।
দুখুনীৰ ভাগ্য  এটি মাত্ৰ ৰত্ন,
 তাকে হেৰুৱালে প্ৰাণে কি সয়॥
ইমান অমূল্য  আদৰৰ ধন,
 ভক্তিৰ আধাৰ আছিল বুলি।
আজিহে দেখিলে   অসমবাসীয়ে
 হৃদয়-দুৱাৰ কৰি মুকলি॥
সকলোৰে যেন  হৃদয়ৰ ধন।
 নিলে কোনোবাই বলেৰে কাঢ়ি।
নোহোৱাতে পূৰ  আনন্দৰ জোন,
 বেজাৰ ৰাহুৱে পেলালে গ্ৰাহি।
কেন্দ্ৰৰূপে থাকি  কিন্তু অসমক
 শিকাই দৃষ্টান্ত সাধু শিক্ষাৰ,
হলা অকস্মাৎ  মাজ সাগৰত,
 ধ্ৰুব তৰা দৰে মেঘৰ আঁৰ॥
শক্তিশেল প্ৰায়,  বিৰহে তোমাৰ
 ভেদিলে মৰম অসমীয়াৰ।
যত দিন শীৰে  বব তেজ সোঁত,
বব লগে লগে ব্যথা ইয়াৰ॥