পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৪
অসমীয়া সাহিত্যৰ চানেকি।

পৰিবৰ্ত্তকাৰী  কাল সেঁতে নিতে,
 নতুন স্মৃতিকো নিব ঢৌৱাই।
চিৰকীৰ্ত্তি সাধু   দৃষ্টান্ত তোমাৰ, .
 শোক অসমৰ ৰব উধাই॥

জাতীয় সঙ্গীত।

ভাৰত সন্তান,  আছা কিয় বহি,
 অপেক্ষিছা কিহে দেৱ সহায়।
উঠা কাচি পাৰি,   ধৰা কায কামে,
 জাতিৰ উদ্ভৱ আপুনি হয়।
বন্দীতে নোহোৱা,   স্বাধীন ৰায়ত,
 ফুৰা যে আন্ধাৰে বগুৱা বাই।
হাততে তোমাৰ  আছে শুভাশুভ,
 জাতিৰ উদ্ভৱ আপুনি হয়।
লগালে মাচুল   দিয়া মৰি হাজি,
 মুখৰ কথাটি নকৰা ব্যয়,
আপত্তি দেখাই    লোৱাঁ নিজ হক,
 জাতিৰ উদ্ভৱ আপুনি হয়।
লাভ কি তোমাৰ,   ধন, শিক্ষাৰ,
 অসাৰ খিতাপ লোভী বেহায়।
যথাৰ্থ শাসনে  প্ৰধান সবাৰো,
 জাতিৰ উদ্ভৱ আপুনি হয়।
পণত তোমাৰ,   বাৰী মাটি প্ৰাণ,
 যদিও তুমি খেলত নাই।
বোবা কি হে মাতাঁ,   খোজাঁ নিজা হক,
 জাতিৰ উদ্ভৱ আপুনি হয়।
ভেবুৱা হলানে,   কেচুৱা হে তুমি,
 ভয়ে কুচি-মুচি মৰাৰ প্ৰায়,