পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৪
অসমীয়া সাহিত্যৰ চানেকি।

৺আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা।

অকস্মাৎ কিয়  আজি সুৰলোকে
 আনন্দৰ ধ্বনি উঠিছে ঘনে।
গাইছে গন্ধৰ্বী,   নাচিছে ত্ৰিদিব,
 লৰে দেৱদুত আনন্দ মনে॥
কিয় জ্যোতিৰ্ময়   স্বৰগ দুৱাৰ
 অকস্মাৎ আজি মুকলি হল।
লগে দেৱবালা,   সৰস্বতী আই
 বিমান পথত অপেক্ষি ৰল॥
ইকি ইকি চোৱাঁ  অসম গৌৰৱ,
 ভাৰতৰ ধন আনন্দৰাম।
সুবৰ্ণ ৰথত,  আলোকি বিমান,
 কৰিছে প্ৰয়াণ শান্তিৰ ধাম॥
চোৱাঁ চোৱাঁ লগে   সৰস্বতী আই,
 উলাহ মনেৰে কোলাত তুলি।
পানী কৰি তেজ,  খাটি মোৰ গুণে,
 কত ভাগৰেৰে আহিছা বুলি॥
পিয়ালে অমৃত,  পাৰিজাত মালা,
 দিলে তুলি শিৰে দেৱ সমাজ।
বাজিল দুন্দুভি,  পাণিনি অমৰ
 পিন্ধালে আপুনি দেৱৰ সাজ॥
পদ্ম আসনত  বহুৱালে চোৱা,
 সৰস্বতী আই আকোৱালি ধৰি,
সৌৰভৰ দৰে  শুৱালে আনন্দ,
 হাঁহিলে ত্ৰিদশ দেৱনগৰী॥
আনন্দ তুমিতো   দেৱ সমাজত,
 চিৰ শান্তি পালা আনন্দ লোকে।
কিন্তু তললৈ,  চোৱাঁ এটি বাৰ,
 কি হল পৃথিবী তোমাৰ শোকে॥