পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৩
কাকো আৰু হিয়া নিবিলাওঁ।


বুকু মোৰ ফাটি যায়,
নেদেখো একো উপায়
 সহি থাকেঁ যত লাজ পাও,
তথাপিও চকু তুলি,
তৰা দুটি আছে বুলি
 আকাশৰ ফালে ঘনে চাওঁ।

(৯)

কিন্তু হাঁয় নাই নাই,
আকাশ কুসুম প্ৰায়,
 আশা যায় বায়ুত মিলাই,
যত ভাব অবিৰত
সাঁচিছিলো হৃদয়ত
 সকলো পেলালোঁ দলিয়াই,
কাম নাই কাম নাই,
ভালপোৱা কতো নাই,
 ভাল পোৱা অৰ্থহীন কথা,
যি কোনোৱে ভাল পায়,
আছে জনা তাৰে ঠাই,
 আকাশত বালি-দুৰ্গ গথাঁ;
যি এদিন বাচি থাকোঁ,
কাকো আৰু বুকে নাকোঁ,
 কাৰো আৰু মুখক নাচাওঁ
যায় যক ফাটি বুকু
কান্দে বা কান্দক চকু,
 কাকো আৰু হিয়া নিবিলাওঁ।