পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩১
অসমীয়া ভাষা।

পয়চা দি উকিলৰ সহায় লব লগা হৈছিল, আৰু অনেক সময়ত উকিল ধৰিবলৈ পয়চা নথকাত, দুখৰ কথা হয়তো ৰজাক জনাবও নোৱাৰিছিল। বঙ্গালী ভাষা, ৰজাৰৰ ভাষা নহয়, প্ৰজাৰে ভাষা নহয়। এনে স্থলত, এই দুই পক্ষৰ নজনা ভাষাৰে দুয়ো দুইকো বুজিব লগা হোৱাত কিমান অসুবিধা হৈছিল, তাক বুজিবলৈ বহুত গমি নেচালেও হয়। যদিও আমাৰ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাৰ সলনি বঙ্গালী ভাষা সুমুৱাত আমাৰ ইমান বোৰ হানি হৈছিল, তথাপি হক কথা কবলৈ গলে, আমি সেই বাবে ইংৰাজ শাসন প্ৰণালীত দোষ দিব নোৱাৰোঁ। কিয়নো ইংৰাজ গবৰ্ণমেণ্টে, ১৮৩৭ চনত পাচ হোৱা ২৯ আইন অনুসাৰে, সকলো স্থানীয় গবৰ্ণমেন্টকে আন ভাষাৰ সলনি দেশীয় ভাষা চলাবলৈ পূৰা অধিকাৰ দিছিল। আৰু সেই নিয়ম মতে বঙ্গদেশ আৰু হিন্দুস্থানৰ স্থানীয় গবৰ্ণমেণ্টে, সেই সেই দেশত নিজ মাতৃ ভাষাৰে সাধাৰণক শিক্ষা দিবৰ উপায়ে কৰিছিল। আমাৰ দেশৰ স্থানীয় গবৰ্ণমেণ্টে ইচ্ছা কৰা হলে অসমীয়া ভাষাও চলাব পাৰিলেহেঁতেন। অসম গবৰ্ণমেণ্টৰ অজ্ঞতাৰ দোষতেহে অসমীয়া ভাষাৰ এনে লৈ লৈ থৈ থৈ অবস্থা হৈছিল।

 অসমৰ ইংৰাজ হাকিম সকলে স্বাৰ্থপৰ বঙ্গালী বিষয়াবিলাকৰ টুটকীয়া কথা নুশুনি নিজে বিচাৰ কৰি চোৱা হলে, তেওঁবিলাকে কেতিয়াও অসমৰ আদালত আৰু পঢ়াশালিত অসমীয়া ভাষাৰ সলনি বঙ্গালী নুসুমালে হেঁতেন। সকলো আমাৰ মানুহৰে দুৰ্দশা বুলিব লাগিব। এই দৰে বঙ্গালী ভাষাই অসমৰ পঢ়াশালি আৰু আদালত ,১৮৭১ চন লৈকে একছত্ৰ ৰাজত্ব ভোগ কৰিছিল। কোনো অসমীয়া মানুহে তেওঁবিলাকৰ মাতৃ ভাষাৰ হকে ওঁঠ লৰোৱাও নাছিল। যি হক, এনেতে বোধকৰোঁ অসমীয়া ভাষাৰ প্ৰতি বিধি প্ৰসন্ন হল। বহুত দিনীয়া নিকাৰ ভুঞ্জাৰ পাছত তাৰ পৰিত্ৰাণৰ দিনে আকৌ ভুমুকি মাৰিলেহি। ১৮৩৮ সনত আমেৰিকাৰ জগত বিখ্যাত ব্যাপ্টিষ্ট মিচন চোচাইটিৰ সভ্য সকলে শুভ লগ্নত আহি অসমত ভৰি দিলেহি। আকৌ অসমীয়া ভাষাৰ কপাল ফুলিবৰ আগন্তুক হল। এই পাদুৰী চাহাব সকল এন্ধাৰ অসমত খৃষ্ট ধৰ্ম্মৰ পোহৰ সুমাবলৈ আহিছিল। তেওঁ বিলাকে ভাবি চিন্তি দেখিলে, ভাষাৰ নুমাও নুমাও চাকিটিত তেল নিদিলে খৃষ্ট ধৰ্ম্মৰ আলোকে মানুহৰ মন পোহৰ কৰা টান হব। কাজেই অসমীয়া ভাষাৰ শলিতা গছিৰ গুড়িত তেল ঢালিবলৈ তেও বিলাক সাজু হল। উজনীৰ শিৱসাগৰত দুখন ছাপাখানা পাতি, দুখন এখনকৈ অসমীয়া ভাষাত খৃষ্ট ধৰ্ম্মৰ বিষয়ে সৰু সৰু, পুথি ছপাই, তেওঁ বিলাকে মানুহৰ মাজত বিলাবলৈ ধৰিলে।