পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩২
অসমীয়া সাহিত্যৰ চানেকি।

আৰু তাৰ লগে লগে দুখন চাৰিখন অসমীয়া সাহিত্যৰ বিষয়ে পুথি লেখিও অসমীয়া সাহিত্য ভঁৰালত জাপিবলৈ আৰম্ভ কৰিলে।

 ইয়াতে শ্ৰীৰামপুৰৰ পাদুৰী চাহাব সকলেও সেই উদ্দেশ্যেৰেই, অসমীয়া ভাষাৰ ফাললৈ চকু দিলে। তেওঁলোকে কলিয়াবৰৰ এজন আত্মাৰাম শৰ্মা নামেৰে অসমীয়া পণ্ডিতক শ্ৰীৰামপুৰলৈ নিয়াই, তেওঁৰ হতুৱাই গোটেইখন বাইবেল পুথি অসমীয়া ভাষালৈ ভাই ১৮১৩ চনত ছাপা কৰি উলিয়ালে। ১৮৪০ চনত মাননীয় ৰবিঞ্চন চাহাবে এখনি অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিলে। এই খনিয়েই অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ।

 ১৮৪৬ চনত শিৱসাগৰৰ পাদুৰী চাহাব সকলে গোট খাই অৰুণোদয় নামেৰে এখনি বহুমূলীয়া মাহেকীয়া কাকত প্ৰকাশ কৰিলে। এই খনি অসমীয়া ভাষাত প্ৰথম বাতৰি কাকত, আৰু সমালোচনা। এই কাকত খনিত সাহিত্য, বুৰঞ্জী, বিজ্ঞান, ধেমেলীয়া কথা আদি সকলো বিধ প্ৰস্তাবৰ আলচ কৰি আৰু তাত নানা তৰহৰ বাতৰি প্ৰকাশ কৰি চুকৰ ভেকুলীৰ নিচিনা অসমীয়া মানুহক পাশ্চাত্য সভ্যতাৰ পোহৰলৈ আনিবলৈ পাদুৰী চাহাব সকলে নথৈ চেষ্টা কৰিছিল। অৰুণোদয় অসমৰ ডাঙ্গৰ সৰু সকলো শ্ৰেণীৰ মানুহৰ মনতে আতোল তোলৰ বস্তু হৈ উঠিছিল কোনো পুৰুষত বাতৰি কাকতৰ সোৱাদ নোপোৱা অসমীয়া মানুহেও বৰ হেঁপাহেৰে অৰুণোদয় পঢ়িছিল। আৰু মানুহৰ মনত ই ইমান দকৈ শিপাইছিল যে, আজি- কালিও লেখা পঢ়া নজনা মানুহে যেই সেই বাতৰি কাকত দেখিলেই “অৰুণোদয়” বুলিহে কয়।

 ১৮৪৮ চনত মাননীয় ব্ৰাউন চাহাবে –“Grammatical Notes of the Assamese Language” বুলি ইংৰাজী ভাষাত এখনি অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশ কৰিছিল। এই খন অসমীয়া ভাষাৰ দ্বিতীয় ব্যাকৰণ। ১৮৬৮ চনত মাননীয় ব্ৰণচন সাহাবে এখন অসমীয়াৰ পৰা অসমীয়া আৰু ইংৰাজী অভিধান গোটাই প্ৰকাশ কৰে। এইখনেই অসমীয়া ভাষাৰ প্ৰথম অভিধান। দুখৰ বিষয়, এই খনেই আমাৰ ভাষাত শেষ অভিধান হব লগীয়া হৈছে। মিঃ ব্ৰণচনৰ অভিধান খন অসমীয়া ভাষাৰ আজিকালিও এটাই বোৰ অভাব গুচাব পৰা নহল। তেতিয়াৰ পাদুৰী চাহাব সকলে অসমীয়া ভাষাৰ আখৰ যোঁটনি বিষয়ে কিছুমান ভূল কৰিছিল। সেই ভুল বিশ্বাস অনুসৰিয়েই এই অভিধান খনিটো আখৰ যোটোৱা হৈছে। আহাশুধিয়া আৰু পৰোপকাৰী পাদুৰী সকলে এই দৰে অকল অসমীয়া ভাষাত ব্যাকৰণ, অভিধান, মাহেকীয়া কাকত উলিয়ায়ে যে ক্ষান্ত আছিল এনে নহয়।