পঢ়িবলৈ দিছে। এই বিশ্বাসটো মনত ঠাই লৈ বহাত, মানুহে ঘৰুৱা কথাবাৰ্ত্তা কওঁতেও তাৰ মাজত দুটা চাৰিটা অশুদ্ধকৈ উচ্চাৰণ কৰা বঙ্গালী শব্দ সুমাই, কথা পতাটোও বৰ গৌৰবৰ কথা যেন ভাবিছিল, এনে আওকথীয়াৰ সচঁৰ আজি লৈকে তেনেই পিৰি উঠা নাই। অলপতে এজন অসমীয়া মানুহে আন এজন গণ্য মান্য অসমীয়া মানুহৰ সৈতে দেখা কৰিবলৈ আহিছিল। আমি যিমান দূৰ জানো মানুহ জন নিখুঁত অসমীয়া। তেওঁৰ কোনো পুৰুষতে বঙ্গালীৰ সৈতে লেত পেত হোৱা নাই। পিছে মানুহ জনে আনজন অসমীয়া মানুহৰ লগত বঙ্গলা ভাষাত কথা পাতিবলৈ ধৰিলে। আন জনেও ইচ্ছা নথকাতো, বঙ্গলা ভাষাৰে উত্তৰ দিবলৈ বাধ্য হল। আমি শুনি অবাক। এই মানুহ জনৰ মনত বঙ্গালী ভাষা সাধু ভাষা বুলি বিশ্বাস নথকা হলে, অসমীয়া মানুহৰ লগত কথা কওঁতে কেতিয়াও তেওঁ বঙ্গালী ভাষা নবকিলে হেঁতেন। আমি শুনি আচৰিত হৈছোঁ, অলপতে হেনো আৰু এজনে পপীয়া তৰাৰ নিচিনাকৈ মুখ পোহৰোৱা, নিখুঁত অসমীয়া ডাঙ্গৰীয়াই কিবা এটা কথাত, অসমীয়া ভাষাক তেওঁৰ এলাগী তিৰোতা পাতি, বঙ্গালী ভাষাকহে লাগী ঘৈণী বুলিবলৈ ভাল পাইছিল। অসমীয়া মানুহৰ মনত এনেবোেৰ বিজাতীয় ভাৱ ওপজাৰ ঘাই কাৰণ, সেই কালত অসম দেশত বঙ্গালী ভাষা সুমুৱাই নহয় নে?
অসমীয়া ভাষাৰ বদলি আদালতত বঙ্গালী ভাষা সুমুৱাতো যে কম হানি হল এনে নহয়। প্ৰথমতে দেশৰ ডাঙ্গৰ ডাঙ্গৰ কাম বিলাক বিদেশীৰ হাতলৈ গল। দ্বিতীয়তে আদালতৰ ভাষা সৰ্বসাধাৰণৰ প্ৰতি এটা দোৱানৰ নিচিনা হৈ পৰিল। সেই কালত সৰহ ভাগ আমোলা ৰংপুৰ, ঢাকা আদি পূৰ্ব্ববঙ্গৰ মানুহ আছিল। স্বভাৱতেই তেওঁবিলাকৰ ভাষাৰ লগত অসমীয়া ভাষা মিহলি হৈ আদালতত এটা অপূৰ্ব্ব ভাষাৰ সৃষ্টি হল। শুদ। অসমীয়া জনা বা শুদা বঙ্গালী জনা মানুহৰ পক্ষে এই আদালতৰ ভাষা এটা অবোধ্য ভাষা হৈ পৰিল। তেতিয়াৰ পৰা আদালতৰ ভাষা আজিলৈকে, এটা বঙ্গালী ফাৰ্চি অসমীয়া হিন্দীৰ খিচিৰি ভাষা হৈ চলি আহিছে। সেই বাবেই পুৰণী শ্ৰেণীৰ মানুহে, আজি কালিও অসমীয়া লেখিবলৈ হলে আদালতৰ ভাষাৰে খিচিৰি পগায়।
তৃতীয়তে—অসমীয়া সৰ্ব্বসাধাৰণ ৰায়তৰ কষ্টৰ সীমা নাইকিয়া হল। ৰজাৰ আগত প্ৰজাই যত দুখৰ কথা গোচৰ কৰে, তাকে আদালত বোলে। এই আদালতত বিদেশী ভাষা হোৱাত, দুখীয়া ৰায়তে যত উকিল নধৰাকৈয়ে অনেক সময়ত হাকিম আগত দুখৰ কথা জনাব পাৰিলে হেতেন, তেনে সামান্য কথা এটা জনাবলৈকো,