সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৬
অসমীয়া সাহিত্যৰ চানেকি।

নগৰ আৰু ৰাজ্য পাতিছিল, চীনবিলাকে প্ৰকাণ্ড গড়েৰে গোটেইখন চীন দেশ বেৰি পেলাইছিল, মিচৰত পিৰামীড সজা হৈছিল, বেবিলনৰ নাম গোটেই এচিয়াত বিখ্যাত হৈ উঠিছিল, এথেন্স, থিবচ, মৰ্ম্মৰশিলৰ মূৰ্ত্তি আৰু অট্টালিকাৰে পৰিপূৰ্ণ আছিল, টাইবৰৰ পাৰত পৰাক্ৰমী ৰোমানবিলাকৰ ৰাজধানী ইউৰোপৰ শ্ৰেষ্ঠ মানুহবিলাকৰ থকা ঠাই হৈ উঠিছিল, সেই সময়ত আধুনিক সভ্য জাতি ইংৰাজ, জৰ্ম্মান, ফৰাচী মাৰ্কিন প্ৰভৃতিৰ পূৰ্বপুৰুষবিলাকে হাবিত বাঁহপাতৰ ঘৰ সাজি বাস কৰিছিল, গছৰ ছাল পিন্ধিছিল, আৰু শিল, গছৰ পূজা কৰিছিল! অভিব্যক্তিৰ মতে যদি উন্নতিৰ বাটত উঠা জাতিৰ প্ৰাকৃতিক নিয়মানুসাৰে ক্ৰমিক উন্নতিত বাজে অৱনতি নহয়, তেনেহলে হিন্দু, চীন, মিচৰীয়, গ্ৰীক আৰু ৰোমান সভ্যতাৰ আধুনিক অৱস্থা এনে কিয়?

 অভিব্যক্তিবাদীবিলাকে ইয়াৰ ভাল উত্তৰ দিব নোৱাৰে। আৰু আন এদল মানুহে কয় যে, মানুহ সমাজৰ সৃষ্টি হবৰ পাচত, সেই সমাজৰ কিছুমান নিয়ম গঢ়া হয়; কালক্ৰমত সেই নিয়ম বিলাক সমাজৰ গাত ইমান দকৈ পোত খায় যে, সিহঁতক সমাজৰ শৰীৰৰ পৰা বাজ কৰা বৰ টান হৈ উঠে। সমাজে সেই অনাৱশ্যকীয় অথচ এৰিব নোৱৰা নিয়মবিলাকৰ বাবে নতুন লাগতিয়াল সমাজৰ হিতকৰ নিয়ম নকৈ সুমুৱাই লব নোৱাৰে। সেই দেখি সমাজৰ সভ্যতাৰ উন্নতিৰ বাট বন্ধ হয়, সেই সভ্যতাৰ প্ৰাণ নোহোৱা হয়। ভাবি চালে ঘাইকৈ ভাৰতবৰ্ষতে এই নিয়মটি সুন্দৰকৈ খাটিছে যেন অনুমান হয়। হিন্দু সমাজৰ কিছুমান পুৰণি নিৰ্জীৱ, কুটিল নিয়ম ডিঙ্গিত বান্ধি লৈ আধুনিক সময়ৰ হিন্দুবিলাকে সমাজক নতুন আৰু আৱশ্যকীয় সাজ পিন্ধাব পৰা নাই। সেই পুৰণি নিয়মবোৰ যিমান পুৰণি হৈছে, সিমান সিহঁত মেৰপাক-খাই-ধৰা কুসংস্কাৰ হৈ সমাজৰ মানুহৰ মনক ঢাকি তাত ন পোহৰ ন বতাহ একোকে ঠুটিয়াব নোৱাৰা কৰিছে। কিন্তু যদিও হিন্দু সমাজৰ এনেকুৱা সঙ্কীৰ্ণ আৰু ৰক্ষণশীল অৱস্থা হৈছে, তথাপি তাত নতুন নতুন সংস্কাৰ নোসোমাৱাকৈ থকা নাই। হিন্দু ৰাজ্য শেষ হবৰ পৰাই নানা বিদেশী জাতিয়ে আহি ভাৰতবৰ্ষ আক্ৰমণ কৰিছে। কোনোৱে এই দেশৰ ধন-ৰত্ন সকলোকে যিমান পাৰে লুটি লৈ নিজ দেশলৈ উলটি গৈছে, কোনোৱে আকৌ নতুন ৰাজ্য পাতি ভাৰতবৰ্ষতে ৰাজত্ব কৰিছে। অতি প্ৰাচীন কালৰ পৰা ভাৰতত বিদেশীৰ প্ৰভুত্ত্ব চলি আহিছে। ইমান দিন বিদেশীৰ প্ৰভুত্বৰ তলত যে হিন্দুসমাজৰ অলপপ গঢ় গতি লৰা নাই এনে নহয়। ৰাজনৈতিক বিপ্লৱবোৰৰ লগে লগে একোটা ভয়ানক সামাজিক বিপ্লৱ হৈ উঠে; তাতে সমাজৰ বহুত লৰচৰ হয়। তাৰ ওপৰত