পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৭
মানৱ জাতিৰ সভ্যতা।

আকৌ ভাৰতবৰ্ষৰ ভিতৰতে নানা নতুন ধৰ্ম্মৰ সৃষ্টি হৈ দেশত বহুত ধৰ্ম্মবিপ্লৱ হৈছে। সেই ধৰ্ম্মবিপ্লৱবোৰৰ আনুসঙ্গিক সমাজৰ লৰচৰ বহুত হৈছে। হিন্দু সমাজৰ ইমান ৰক্ষণশীল প্ৰকৃতি নোহোৱা হলে ভাৰতবৰ্ষত যিমান ৰাজবিপ্লৱ আৰু ধৰ্ম্মবিপ্লৱ হৈছে, এই বোৰৰ দ্বাৰাই ইমান দিনে হিন্দু সমাজৰ গঢ় যে একেবাৰেই লৰিলহেঁতেন, এনে অনুমান হয়।

 তেনেহলে দেখা গল, সমাজৰ লৰচৰ কৰিব নোৱৰা অৱস্থা হৈ তাত নতুন উন্নতি সোমোৱাৰ বাট মাৰ যোৱাৰ বাবেই মানৱজাতিৰ সভ্যতাৰ অৱনতি হৈছে, এনে নহয়। বুৰঞ্জী চালে জানিব পৰা যায় যে, পৃথিবীৰ সমাজ বিলাকৰ বহুতৰ অকল উন্নতিৰ বাট বন্ধ হৈয়েই থকা নাই; বহুত সমাজে উন্নত অৱস্থাৰ পৰা নামি একেবাৰেই তললৈ গৈছে। দৰাচলত সমাজবোৰৰ গতিৰ ফালে অলপ মন কৰিলেই এনে বোধ হয় যে, কালৰ গতিত প্ৰত্যেক সমাজৰে উত্থান, উন্নতি আৰু অধঃপাত হব লাগিছে। পৃথিবী বহুত উন্নত সভ্যতাৰ সমাধি ঠাই। বহুতে সমাজৰ সভ্যতাক কাল্পনিক চৰাই ফেনিক্সেৰে তুলনা কৰে। এনে প্ৰবাদ আছে যে, এটা ফেনিক্স চৰাই বহুত দিন জীয়াই থাকি পাচত মৰিলে তাৰ শৰীৰৰ যি অৱশেষ থাকে, তাৰে পৰা আৰু এটি নতুন ফেনিক্সৰ সৃষ্টি হয়। সেই ফেনিক্সটোও সেই দৰে মৰি আৰু এটি নতুন ফেনিক্সৰ জনম লোৱায়। সেই দৰে এক সভ্যতা মৰি, তাৰ ঠাইত আৰু নসভ্যতা এটাৰ সৃষ্টি হয়। পৃথিবীত এই দৰে কত সমাজ সভ্যতাৰ জখলাত ভৰি দি ওপৰলৈ উঠিল, কালক্ৰমত আকৌ তললৈ নামিল; কতবাৰ বিজ্ঞান দৰ্শন, বানিজ্য শিল্পৰ উন্নতি হৈ আকৌ অধোগতি হৈছে। যি জাতিয়ে এক সময়ত পিৰামীড সাজিব পাৰিছিল, কলোচচ গঢ়িব পাৰিছিল, পৰ্ব্বত শিলকাটি ডোখৰ ডোখৰ কৰিছিল, সাগৰত সেতু বান্ধিছিল, সেই জাতি আজি অৰ্দ্ধসভ্য বুলি পৃথিবীত গণ্য হৈছে। এতিয়া সেই জাতিৰ মানুহবোৰে সিহঁতৰ পূৰ্বপুৰুষবিলাকৰ কীৰ্ত্তিৰ চিনবোৰ দেখি তধা মানি তেওঁলোক দেৱশক্তি সম্পন্ন আছিল বুলি অনুমান কৰে।

 মানৱজাতিৰ সভ্যতাৰ উন্নতি আৰু অৱনতিৰ নিয়ম তেনেহলে কি? আমি ওপৰত আলোচনা কৰাৰ পৰা দেখিছোঁ যে, সমাজৰ উন্নতি বা অৱনতি সমাজৰ ভিতৰৰ মানুহবিলাকৰ স্বাভাৱিক গুণ বা দোষৰ কাৰণে নহয়, আৰু দেখিছোঁ বহিৰ্জগতৰ কাৰ্য্য, যেনে, থকা ঠাইৰ গুণ বা দোষৰ বাবে; জাতি সভ্য বা অসভ্য নহয়। কালৰ গতিত মানুহৰ সমাজে বহুত অৱস্থা পায়। সেই সেই অৱস্থাৰ সমাজত এক প্ৰকাৰৰ ৰীতি, নীতি, বিশ্বাস, ভাষা, নিয়ম, অনুষ্ঠান প্ৰভৃতিৰ সৃষ্টি