পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৫
মানৱ জাতিৰ সভ্যতা।

অধঃপাত, পূৰ্ব্বপুৰুষৰ গুণ বা বিশেষত্বৰ অধিকাৰ প্ৰভৃতিৰ ডাঙ্গৰ ডাঙ্গৰ নিয়ম বোৰৰ দ্বাৰাই পৃথিবীৰ জাতিবিলাক অসভ্য অৱস্থাৰ পৰা সভ্য অৱস্থালৈ উঠিছে। অভিব্যক্তিবাদী বিলাকে কয়, জীৱন ৰক্ষাৰ নিমিত্তে হোৱা যুঁজলৈ সাজু হবৰ কাৰণে মানুহে নানা উপায়-কোশল উদ্ভাৱন কৰে, সেই বিলাক অৰ্জ্জা উপায় আৰু কৌশল এক পুৰুষৰ পৰা আন পুৰুষে অধিকাৰ কৰে, আৰু চৰিত্ৰত সেইবোৰ শক্তি পোত খায় ৰয়। এই দৰে যি জাতিয়েই সুবিধা জনক নানা উপায় বা কৌশল উলিয়াই পাছলৈও সাঁচি থৈ গৈছে, সেই জাতিৰেই উন্নতি হৈছে; সেই জাতিয়েই সভ্য বুলি জগতত গণ্য হৈছে। যিবিলাকে এই জীৱন ৰক্ষাৰ যুঁজত যোগ্যতা দেখুৱাব পৰা নাই, সেই বিলাকেই প্ৰাকৃতিক নিয়মানুসাৰে পিছলৈ হুঁহকিছে, সেইবিলাক জাতিয়েই অসভ্য বুলি পৃথিবীত গণ্য হৈছে। এই মতানুসাৰে মানুহে যুদ্ধ-বিগ্ৰহ, অত্যাচাৰ, কুসংস্কাৰ, দুৰ্ভিক্ষ প্ৰভৃতিৰ মাজেদি গৈ উন্নতিৰ জখলাত ভৰি দিব পাৰিছে। যিবিলাক মানুহে এই বিলাক অসুবিধা অতিক্ৰম কৰিব পৰা নাই, সিহঁতৰ উন্নতিত বহুত প্ৰতিবন্ধক হৈছে। এই নিয়মে যদি সচাঁসচিকৈয়ে মানৱজাতিৰ ক্ৰমোন্নতি ঘটিছে, তেনেহলে মানৱজাতিৰ অৱনতি হবৰ প্ৰায় আশঙ্কা নাই। কাৰণ প্ৰাকৃতিক নিৰ্বাচন প্ৰভৃতি অভিব্যক্তিৰ নিয়ম বোৰৰ দ্বাৰাই সমাজৰ অৱনতিজনক অঙ্গবিলাক লোপ পাই সমাজ কেৱল উন্নতিৰ বাটেৰেহে যাব। কিন্তু, এইটি সাধাৰণ নিয়ম নে? এই প্ৰশ্নৰ উত্তৰত কওঁ, নহয়। জগতৰ বুৰঞ্জী মেলি চোৱা, আধুনিক সময়ৰ জাতিবোৰৰ সভ্যতাৰ অৱস্থালৈ এবাৰ মন কৰি চোৱাঁ, দেখিবা অভিব্যক্তিৰ নিয়মানুসাৰে উন্নতি নহৈ বহুত জাতিৰ সভ্যতাৰ অৱস্থাই লৰচৰ কৰিব নোৱাৰা হৈ আছে। এই বিলাক জাতিৰ সভ্যতাৰ প্ৰাণ নাই; সেই নিমিত্তে সি বাঢ়িব নোৱাৰে। অভিব্যক্তিবাদীবিলাকৰ মতে সভ্য জাতিয়ে বহুদিনৰ ক্ৰমোন্নতিৰ মূৰত সভ্য অৱস্থাত উপস্থিত হৈছে। অসভ্যজাতিৰ কেতিয়াও এনেকুৱা ক্ৰমোন্নতি হোৱা নাই, সেই দেখি অসভ্য অৱস্থা গুচা নাই। কিন্তু, সেই বুলি ইংৰাজ জাতিক আমি আগৰে পৰা উন্নতিৰ বাটেৰেহে অহা পুৰণি জাতি, আৰু হিন্দু, চীন, গ্ৰীক, ৰোমান প্ৰভৃতি জাতিক কোনো কালে উন্নতিৰ বাটত ভৰি নিদিয়া, আদিম অৱস্থাৰ জাতি বুলিম নে? বুৰঞ্জীয়ে কয়, যি সময়ত পুৰণি হিন্দুবিলাকে, গ্ৰীকবিলাকে, ৰোমানবিলাকে, মিচৰীবিলাকে ডাঙ্গৰ ডাঙ্গৰ বৈজ্ঞানিক আৰু কঠিন দাৰ্শনিক প্ৰশ্নবিলাকৰ সিদ্ধান্ত বিচৰাত নিযুক্ত আছিল, যি সময়ত সেই সেই জাতিবিলাকে কৃষি, বানিজ্য, শিল্প প্ৰভৃতিৰ উন্নতি কৰিছিল, যি সময়ত আৰ্যৱৰ্ত্তত পৰাক্ৰমী হিন্দু ৰজাবিলাকে অসংখ্য ডাঙ্গৰ ডাঙ্গৰ