পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৩
সহানুভূতি।

তেনে হলে দেশৰ কিমান উপকাৰ হয় ভাবি চাওক। ৰপ্তানি কৰা দেশজাত বস্তুৰ পৰা ধন আমি নাপাওএই, ইয়াৰ ওপৰত আকৌ বিদেশী বেপাৰীক বিদেশী কাপোৰৰ বাবে ইমান ধন দিব লাগে! দেশৰ শিল্পৰ ধ্বংস হব লগীয়া হলহি, কিন্তু কোনোবাই ইয়াৰ প্ৰতিকাৰৰ চেষ্টা কৰিছেনে? কোনোবাই ভাবিছেনে কেনেকৈ দেশৰ পৰা বিলাতি বস্তুৰ ব্যৱহাৰ গুচাব পৰা যায়।

 আমাৰ ৰজা ইংৰাজ; সেইদেখি বিলাতি বস্তুৰ আমদানি কমাবলৈ আমাক সেই ৰজায় কেতিয়াও সহায়তা নকৰে। এতেকে আমি নিজে প্ৰতিজ্ঞাবদ্ধ হৈ নিজ উৎসাহ আৰু সাহৰ ওপৰত ভৰ দি যেতিয়ালৈকে বিদেশী বস্তুৰ ব্যৱহাৰ গুচাবলৈ আৰু আমাৰ শিল্পৰ বিস্তাৰ কৰিবলৈ যত্ন নকৰো তেতিয়ালৈকে দেশৰ মঙ্গল নাই। এজন বা দুজনৰ উৎসাহৰ দ্বাৰাই হব নোৱাৰে। পৃথিবীত যিমান ডাঙ্গৰ কামৰ অনুষ্ঠান হোৱা দেখা গৈছে সকলো মুঠবন্ধাৰেহে। আমিও মূৰপুতি এই কামত নধৰিলে কৃতকাৰ্য হব নোৱাৰিম।

সহানুভূতি।

 লোকৰ মনৰ ভাবেৰে আমাৰ মনৰ ভাবৰ ঐক্যই সহানুভূতিৰ মূল। আমাৰ চাৰিও ফালে যতে আমাৰ মনৰ ভাবৰ প্ৰতিবিম্ব দেখো, তাৰে সৈতে আমি মিলোঁ, তাকে আমি সহানুভূতি দেখুৱাওঁ। ইয়াকে কৰা মানুহৰ লক্ষণ।

 এই সহানুভূতিৰ বলত মানুহৰ সমাজ স্থাপিত হৈছে, পৰিয়ালৰ মাজত মিল আৰু একে জাতিৰ মানুহৰ মাজত ঐক্যভাৱ। অকল যে আমি আনলৈ সহানুভূতি দেখুৱাবলৈকে ব্যগ্ৰ এনে নহয়। আমাৰ অন্তৰে আনৰ সহানুভূতি সদাই বিচাৰে। যেয়ে আমাক সেই সহানুভূতি দেখুৱাই তাকে ভাল পাওঁ, সেয়ে আমাৰ বন্ধু, যেয়ে নেদেখুৱায়, তাকে ভাল নেপাও, তাৰে সৈতেই আমাৰ মত ভেদ আৰু বিবাদ।

 নিচেই কম বয়সৰ পৰাই মানুহৰ মনত সহানুভূতিৰ গুটি সিঁচা হয়। কেচুৱা লৰাই লোকে হাঁহিলে হঁহা, আৰু লোকে কান্দিব খুজিলে ফেকুৰিবলৈ ধৰাই তাৰ প্ৰথমাৱস্থা। পাছত ক্ৰমে এই বৃত্তিৰ বিকাশ হয়। বহুত মানুহে একে ঠাইতে গোটখাই একেটা ভাব প্ৰকাশ কৰিলে আমাৰ মনেও সেই ভাবকে প্ৰকাশ কৰে। বেজাৰকৈ মনমাৰি থকা লৰা এটিক ৰঙ্গিয়াল আন লৰা কিছুমানৰ মাজলৈ আনিলে, তাৰ মনৰ পৰা বেজাৰ আঁতৰি যায়, সি তেতিয়া ৰঙ্গিয়াল লৰাবিলাকক সহানুভূতি