দেখুৱাই। ইয়াকে “contagion of feeling” বোলে। সহানুভূতিৰ ই প্ৰথম অৱস্থা।
কিন্তু আনৰ ভাবেৰে আমাৰ ভাব মিলিলেই সহানুভূতি সম্পূৰ্ণ নহয়। লোকৰ মনত কি হব লাগে তাক ভালকৈ চাবলৈ আমাৰ মনেই দাপোণৰ নিচিনা। কোন সময়ত আমাৰ মনত কোন ভাবৰ উদয় হয়, তাক সেই সময়ৰ আমাৰ মনৰ ভাবেৰে সৈতে ৰিজাই জানিব পাৰোঁ। কথাটো অলপ বিশদৰূপে বুজোৱা যাওক। যেনে কোনো মানুহ এটি দুখত পৰিলে তেওঁৰ ভাব কেনে হয়, তাৰে সৈতে মিলালেই সহজে বুজিব পাৰোঁ, সেই দেখি সেই মানুহটিৰ দুখত আমি দুখ অনুভব কৰিব পাৰোঁ আৰু সুখত সুখ অনুভব কৰোঁ। লোকৰ দুখ বা সুখ দেখি তাক অনুভৱ কৰিলেই, সেই অনুসাৰে কাৰ্য্য কৰিবলৈ আমাৰ ইচ্ছা হয়; অৰ্থাৎ দুখ দেখিলে সেই দুখ গুচাবলৈ যত্ন কৰিবলৈ আৰু সুখ দেখিলে তাক সংবৰ্ধন কৰিবলৈ আমাৰ প্ৰবৃত্তি জন্মে। সেয়েই সহানুভূতিৰ সম্পূৰ্ণাৱস্থা। দুখীয়াৰ দুখ দেখি আমাৰ যি সহানুভূতি হয় তাৰে পূৰ্ণাৱস্থাৰ নাম দাক্ষিণ্যভাব (benevolence)।
সহানুভূতিপূৰ্ণ মন কেনে সাঁচত ঢলা হব লাগে? প্ৰথমত, আমাৰ মন এনেকুৱা হব লাগে যেন লোকৰ অলপ সুখ বা দুখ দেখিলেই আমাৰ মনও তুল্য- ভাবযুক্ত হয়। দ্বিতীয়ত, আমি লোকৰ মুখ বা আকৃতি দেখিয়েই তেওঁলোকৰ মনৰ ভাব কেনে তাক বুজিব পাৰিব লাগে। শেহত লোকৰ কোনো অৱস্থাত আমাৰ মনৰ ভাৱ কেনে হব পাৰে তাক কল্পনা কৰিব পৰা শক্তি থাকিব লাগে। মনত বেঁকা ভাব থকা মানুহৰ সহানুভূতি কম। সেই দেখি হিংসুক মানুহে লোকক সহানুভূতি দেখুৱাব নোৱাৰে।
লোকৰ সুখত আমাৰ যি সহানুভূতি হয়, দুখত তাতকৈ অনেক অংশে বেছি হয়। যি সহানুভূতি দেখুৱাই তাতকৈ যাক দেখুউৱা হয়, তাৰ মনত বেছি ৰং লাগে। মলি থকা সৰু লৰাটিৰ ধেমালিত ডাঙ্গৰে যোগ দিলে বা আন কোনো কমে তাৰ ধেমালিত সহানুভূতি দেখুৱালে, সি আনন্দ বিভোৰ হয়; দুখীয়াৰ দুখত আনে সহানুভূতি দেখুৱালে তাৰ দুখ কমে। সহানুভূতি পালে অকল আমি ৰং পাওঁ এনে নহয়, সহানুভূতিৰ দ্বাৰাই আমাৰ ধাৰণাবিলাক দৃঢ়ীভূত হয়। এটা লৰাই কোনো এটা কামত কৃতকাৰ্য হব পাৰিলে নিজৰ শক্তিৰ সি যি ধাৰণা কৰিব পাৰিব, আন মানুহে তাক কৃতকাৰ্য্য হোৱা দেখি প্ৰশংসা কৰিলে, সেই ধাৰণা আৰু গধুৰ হব।