পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০২
অসমীয়া সাহিত্যৰ চানেকি।

ৰহা আৰু সৰ্থেবাৰি? কাঠৰ কামো আগতকৈ এতিয়া বেয়া হৈছে। এতিয়া আমাৰ দেশত যিমান বাঢ়ৈ আছে সকলো বিলাকেই বঙ্গালীৰ আৰ্হি লৈ শিকা; আগৰ পঢ়িদোলা বা চালপীৰা বিলাক এতিয়াৰ বাঢ়ৈয়ে সাজিব নোৱাবে।

 এই বিলাক কামৰ আগেয়ে আমাৰ দেশত বিশেষ উন্নতি নাছিল। কিন্তু আগেয়ে যি যি ফেৰা আছিল, এতিয়া সিও নাইকিয়া হইছে। ভাল আহি লৈ আমাৰ মানুহে শিল্পৰ কাম যে নিশিকেই আগৰ যি আছিল তাকো পাহৰিছে। উইলীয়েমস্যন চাহাবে অনুগ্ৰহ কৰি আমাৰ উন্নতিৰ অৰ্থে জোৰহাটত এটি শিল্প বিদ্যালয় পাতি দিছে, কিন্তু গবৰ্ণমেণ্টে বৰ দুঃখেৰে প্ৰকাশ কৰিছে যে, শিল্প শিক্ষাত অসমীয়াৰ সিমান উৎসাহ নথকাৰ বাবে বিদ্যালয়টিয়ে উন্নতি কৰিব পৰা নাই। ই কম দুখৰ কথা নহয়। আমাৰ মানুহে মিছা কথাত উৎসাহ আৰু সময়ৰ অন্যায় খৰচ কৰে, কিন্তু এনেকুৱা লাগতিয়াল শিক্ষাটিলৈ তেওঁলোকে আওকাণ কৰি আছে। আমাৰ এৰিয়া, মুগা কাপোৰ তল পৰিল আৰু তাৰ ঠাই বিলাতি কাপোৰে আহি অধিকাৰ কৰিলে। বিলাতি বেপাৰীক আমি আমাৰ জাৰ গুচাবৰ নিমিত্তে কিমান টকা দিছোঁ তাক এতিয়াও ভাবি চোৱা নাই। ইমান দ কথাও কাৰৰ মনত সোমোৱা নাই, ই কম আচৰিত কথা নহয়। আমাৰ ডেকা সকলে আকৌ ঘৈনীয়েকহঁতক বঙ্গালী সাজ পিন্ধাবলৈ ভাল পায় কিন্তু ইফালে বঙ্গালী সাজ পিন্ধালে যে বিলাতি কাপোৰৰ আৱশ্যক হব, আৰু বিলাতি কাপোৰ কিনিলে যে দেশৰ টকা ওলাই সাত সাগৰ তেৰ নদী পাৰ হৈ যাব তাক কোনে ভাবিছে? পুৰুষৰ সাজৰ বাবেই বিলাতি বেপাৰীক ধন দি তত নেপাও তিৰুতাৰ সাজৰ বাবেও মাঞ্চেষ্টাৰৰ ফাললৈ গলে দেখোঁ আমাৰ মানুহ সম্বল শূন্য হব। বহুতে আপত্তি কৰে যে মুগা এৰি কাপোৰৰ বেচ বিলাতি কাপোৰৰ তিনি গুণ, কিন্তু তেওঁলোকে ভাবি নেচায়, যে অসমীয়া কাপোৰৰ বাবে ধন ভগন কৰিলে তাক অসমীয়াইহে পাব। কিন্তু বিলাতি কাপোৰৰ বাবে যি ধন দিয়া যায় সি আৰু এই দেশত নেথাকে। আৰু তেওঁলোকে অনাহক কথাত কত টকা খৰচ কৰে, কিন্তু অসমীয়া কাপোৰৰ বাবে এটি টকা সৰহ দিবলৈ গলেহে গাত নসহে। ‘দেশীয় আৰু বিদেশী সাজ’ বোলা প্ৰবন্ধৰ শেহত “অসাম বন্ধুৰ” পত্ৰ প্ৰেৰকে এই যুক্তিৰ ভালৰূপে উত্তৰ দিছিল বোলে “আঞ্জাত নিদিলে লোণ পিটিকাত যায় ঢাৰি গুণ”। আমাৰ মানুহে এতিয়া বোম্বাইৰ দৰে কল কাৰখানা খুলি বিদেশী কাপোৰ এই দেশৰ পৰা আঁতৰাব নোৱাৰে হয়, কিন্তু তেওঁলোকে যদি চেষ্টা কৰি আমাৰ দেশজাত শিল্পৰ উন্নতি কৰে আৰু বিদেশী কাপোৰ ব্যৱহাৰ নকৰো বুলি ধৰে