পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৩
সপোন।

তুলিলৈ সেই হৃদয়ৰ বীণ
বৰষিছে মধুৰিমা।

অকলসৰীয়া।

অকলই উৰি ফুৰে প্ৰাণৰ পখীটি,
কল্পনা-বিহাৰী, নিৰজন আকাশেদি।
বিশাল ব্ৰহ্মাণ্ড তাৰ চকুৰ আগত,
অনন্ত শূন্যৰ ৰাজ্য জুৰি ওপৰত।
শান্ত পৰ্ব্বতৰ টিং, অৰণ্য, সাগৰ,
প্ৰকৃতিৰ হিয়া যেন বৈৰাগ্য আধাৰ।
মানুহৰে ৰাজ্য পৰে চকুত অশেষ,
কোলাহল পূৰ্ণ কিন্তু নিমগ্ন সি দেশ।
প্ৰাণ পখী উটি যায় শূন্য ৰহস্যত,
লগ হেৰুৱাই মেঘ আকাশ মাজত।
উদাস হৃদয় তাৰ অকলৈ আকুল,
প্ৰাণব প্ৰাণত বাজে বিষাদৰ সুৰ।
জনপূৰ্ণ নিৰ্জ্জনত কত লগৰীয়া?
বিশ্ব সংসাৰত হায় অকলসৰীয়া!

সপোন।

আছিলোঁ এদিন ধেমালি মগন,
কুমলীয়া বয়সত।
নাচি নাচি উৰি পখিলাটি আহি
কলেহি মোৰ কাণত :
“আমাৰ ই দিন নেথাকে সদাই,
কান্দিব লাগিল মিতা।