সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯২
অসমীয়া সাহিত্যৰ চানেকি।

পাহৰা ৰাজ্যৰ এন্ধাৰ চুকত
মানস-সৰসী মাজে,
প্ৰফুল্ল অথিৰ আনন্দ কমল
অপূৰ্ব্ব সুন্দৰ সাজে।
পাহৰণি-কোলে অত দিন পৰি
আছিল নিমাতী বীণা—
কোনে ভাবিছিল এই বীণাখনি
বাজিব নে কোনো দিনা।
আজি মাত-ফুটা প্ৰাণৰ বীণৰ
তন্ত্ৰীত পৰিল টান,
আকাশী হাতৰ গম পাই উঠি
মুকলি হইছে প্ৰাণ।
গুন্ গুন্ কৰি প্ৰাণৰ বীণত
বান্ধিছে আশাৰ সুৰ।
স্বৰ্গীয় ভাবৰ প্ৰতিধ্বনি তাত,
আজি ভাবে ভৰ পূৰ।
পাহৰণি পমি মধুৰ ৰূপত
মিলি যায় স্মৃতি স’তে।
কিবা দৃশ্য আজি মানসৰ তীৰে
স্বৰগ দেখি আগতে।
সঞ্চলিছে ঘনে ভাব-ঢউবোৰ,
ধৰিছে মৃদুল তাল।
চপলা কল্পনা-কুমাৰীবিলাকে
গুঁথিছে কবিতা-জাল।
অফুট সুৰেৰে হাঁহিছে গাইছে
নুশুনা স্বৰ্গৰ গীত।
ধেমালিৰ প্ৰাণ ধেমালি মগন,
হৰিছে মানুহ-চিত।
ছায়াময়ী কবিতাৰ আবৰণে
শোভে মানসী প্ৰতিমা,