পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯১
জোনাকী।


ই বজ্ৰ বাতৰি তই কত পুহিছিলি,
মিঠা মুখে মেঘ হেৰ শতুৰু শালিলি।
সন্ধিয়া আইটী হায়! মুকলি চুলিৰে,
নীৰৱে এন্ধাৰ কৰি বিশ্ব পৰিহৰে।
যােৱাঁ আই যােৱাঁ আছে পছিম সাগৰ,
বুৰ দি গুচুৱাঁ গই সন্তাপ ভাগৰ।
আজলী ছােৱালী হায়! সংসাৰৰ মােৰ,
নৌ বুজুঁতেই গল,—ইচ্ছা বিধতাৰ।

জোনাকী।

উষাৰ হাঁহিটি ৰঞ্জিলে পূবত।
কৰ বা ধেমালি-কথা
নিমিষতে নামি বসুধা জুৰিব !
প্রকৃতি খন্তেক 'তধা।
সােণালি সোঁতত সাঁতুৰি নাদুৰি
উটি আহে সমীৰণ।
প্ৰকৃতিৰ ঢকাবুকু উদঙ্গাই
পিন্ধালে মুকুতা সােণ।
পর্ব্বতে পাষাণে অৰণ্যে আকাশে
বিলালে স্বর্গীয় বিভা।
ৰুণ্‌ ৰুণ্‌ ৰুণ্‌ গছ পাত লতা,
আহিছে বাতৰি কিবা !
সপােন ৰাজ্যৰ কত যে কুমাৰী
মলয়াত উটি আহে,
স্বপ্নৰ আবেশে পখিলাৰ দৰে
নাচি হাঁহি লাহে লাহে।
নীল আকাশত বগলী-পাখিৰে
মেঘ হে নামিছে ধীৰে,
কুৱঁলী বিয়পা স্বৰগৰ দৃশ্য
ছয়াময়া গিৰি-শিৰে।