পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯০
অসমীয়া সাহিত্যৰ চানেকি।

মৌমাখি।

ই ফুলৰ পৰা সি ফুললৈ উৰি,
গুন্ গুন্ গুন্ সুৰে নাম ধৰি,
মাতিছা ইটিক,  চাইছা সিটিক,
প্ৰেমৰ আলাপে মুহিছা মন,
পাইছা অমৃত প্রাণৰ ধন॥

‘যাওঁ’ ‘যাওঁ’ কৰি আহিছা তুমি।
আকৌ উভতি আহাগৈ চুমি।
এখন্তক ৰােৱাঁ,  পিছফালে চোৱাঁ,
কি হবনো হেৰা ফুলটিৰ গতি।
হব পােৱা এনে নির্দ্দয় অতি ?

সদাই সম্বন্ধ বিচ্ছেদ কিবা,
প্রাণেৰে প্ৰাণৰ বান্ধোন যিবা।
যােৱাঁ যােৱাঁ যােৱাঁ,   আহিবা, আহিবা,
মৰমৰ কথা মিলনৰ ৰেখা,
নহয় খন্তেকীয়া দুদিন থকা॥

সন্ধিয়া।

ৰঙ্গা মুখে ৰঙ্গা বেলি মাগিলে বিদায়,
দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায়।
প্রথম চুমাৰ ৰেখ নৌ পৰোঁতেই,
নিঠুৰ বিৰহে তাক মছিয়ে নিলেই।
হেঙ্গুলী বিচ্ছেদ-মেঘে অতঁৰাই ধৰে,
বিধিৰ লিখন হায়! নলৰে নচৰে।