পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮৫ .. উদগনি। কিহলৈ বেচিলা। আপোন গৌৰৱ | কি ধাৰে শুজিলা দেহাৰ তেজ? কম নাশাত | ধৰম উটালা, | মৰম সলনি কি পালা বেচ? লখিৰ্মী নাশিলা . কুলটা ভজিলা, দিলা আপোনাক, দাসত্ব মানি। এতিয়া ৰাগিৰ কলঘুমটিয়ে | হৰিলে চেতন, কি আছে হানি? খা পুৰি হায়। | পুৰুষত্ব সোপা। মানুহ জনম ধৰিলা কিয়। মানুহৰ কাম একো নকৰিলা, পাৰা যদি হোৱা এতিয়াও থিয়। উঠা অসমীয়া, চোৱা চকু মেলি এলাহ পাটীত নেলাগে লাজ? কঙ্গালি টোপনি ভাঙ্গি উঠি বহ। পেলোৱা পেলোৱা টোকোনা সাজ। আছে কি তোমাৰ | শুনা অসমীয়া গঙ্গাটোপ হেন ডাঙ্গৰ গপ। ঘৰে ঘৰে আছে। | কানি পান খোলা, | নিতে নিতে ইষ্ট দেৱতা জপ। চুকৰ জুহাল | জগতৰ আৰ্হি তাৰে ‘ডাঙ্গৰীয়া অসমীয়া ভাই! · নাদৰ ভেকুলী | নাদৰ গৰাকী কোনবা তাকোতে নেজানে হায় থৈছা হিংসা দ্বেষ কুকুৰ বিৰালি আপোন পেটৰ ভঁৰাল ৰখা। স্বাৰ্থৰ টোপোলা | সেয়েহে সামগ্ৰী মৰেও মৰোক ভায়েক মখা।