সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চন্দ্ৰকুমাৰ আগৰৱালা। উদগনি। উঠা অসমীয়া | চোৱা চকু মেলি এলাহ পাটীত নেলাগে লাজ। কঙ্গালি টোপনি | ভাঙ্গি উঠি বহ। পেলোৱা পেলোৱ টোকোনা সাজ। অসভ্য অসম | বনৰীয়া বুলি হাঁহিছে তোমাক সবেও শুনা। এতিয়াও বহু | পিছত পৰিল। আগলৈ নে হব কি দশা গুণা। উঠিল জগত | নিজৰ কামলৈ —যায় তীৰ্থ যাত্ৰী শুনা কল্লোল। মানুহে উন্নতি পৃজিছে আটায়ে কানিৰ জালত তুমিহে ভোল। উঠা অসমীয়া। | এতিয়াও উঠা | সৌৱা লগৰীয়া নহয় দূৰ। জাতীয় মন্ত্ৰৰ দীক্ষা লোৱা আহি | বিজয় গীতৰ ধৰাহি সুৰ। উঠা অসমীয়া | চোৱা চকুমেলি এলাহ পাটীত নেলাগে লাজ? কঙ্গালি টোপনি ভাঙ্গি উঠি বহা পেলোৱা পেলোৱা টোকোনা সাজ। কি আছে তোমাৰ অসমীয়া ভাই ধন, মান, জ্ঞান পেলালা কত? কি দি পূজিব। জগতী চৰণ নিচিন্তা উপায় হল হত।