পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮৬ অসমীয়া সাহিত্যৰ চানেকি। চিনিও নেপায় ভায়েক ককাই আঙ্গুলি মূৰতে গণিব পৰা। মিল প্ৰীতি নাই, | আছে মাত্ৰ হায় সংসাৰ বিহুৰ হাটেৰে ভৰা! উঠা অসমীয়া | চোৱা চকু মেলি এলাহ পাটীত নেলাগে লাজ? কঙ্গালি টোপনি | ভাঙ্গি উঠি বহ। পেলোৱা পেলোৱা টোকোনা সাজ। নোহোৱা নিৰ্জীব, পাৰিব৷ উঠিব কলামলা ইটো টোপনি জাল। একে চিপে উঠি | ভূমিত ভৰি দি ‘প্ৰতিজ্ঞা টঙ্গালি’ বান্ধা কঁকাল। হাতত ে প্ৰথমেই পোতা এলাহ শতুৰু গাতলৈ যোৱা। জয়ৰ হুঙ্কাৰে | কঁপাই জগৎ | দৰ্পৰ কিৰীট শিৰত লোৱা! জীৱনৰ আৰ্হি | পাপি অসমীয়া উধাৰা দুখুনী অসম আই। পূৰ্বৰ কাহিনী | সোঁৱৰা মাথোন অভাব তোমাৰ একোৰে নাই।। আৰ্য তেজকণা। | আছে ধমনীত | সবেও আগত শিৰ নোৱাব। পাৰ। যদি উঠা | উঠা এটিবাৰ | জগতে তোমাৰ যশস্য। গাব। উঠা অসমীয়া উঠা এইবাৰ পিছ পৰি ৰল নেলাগে লাজ? জীৱন্ত উছাহে একে উশাহতে লোৱাহিহে আহি বীৰৰ সাজ। -