পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভ্ৰম। ৪৮৩ এনে চুমা লাগে যি চুমা দুখন নিভাঁজ হিয়াৰ জোৰা, চকু নোহে দুই মুকলি দুৱাৰ দুঅন্তৰ প্ৰেম ভৰা। কথা নোহে প্ৰেম মুৰুলীৰ মাত কপটতা আৰু নাই; মৰমে মৰমে মৰম নিগড় বান্ধনী বোলে মিছাই। নিদিবা নিদিবা সুন্দৰ প্ৰতিমা মাত্ৰ সুন্দৰৰ খনি; গোলপুৱা হাঁহি মুখত নধৰ অন্তৰত কাল ফণী। কোমল অন্তৰ প্ৰেমময় আত্মা কোমল জুৰ হৃদয়, দিয়া যত দিন ৰাতি মোৰ মন অচল অটল ৰয়। ভ্ৰম। কেনে কলে সেয়া বাঁহী বাজে বুলি বনদেবী গীত গায়, সেৱালীৰ মালা নহয় এধাৰ, তৰাৰে গুথিছে হায়! নহয় ফুলনি কুমাৰী সমূহ, দঢ়াই দঢ়াই কও', গোলাপ নহয় প্ৰিয়তমা আঁখি, দেখি পৰ হৈ ৰওঁ। কোনে কয় এটি হৰিণা ণোৱালী, ইমন চেতনা নাই? বনৰ সৌন্দৰ্য ৰূপ ধৰি আহি ডেওদি দুবৰি খায়। নহয় পুখুৰী প্ৰেমিকৰ বুকু, পানী নোহে প্ৰেমৰস; নই নোহে ঠিক প্ৰেমৰ আবেগ বিচাৰি প্ৰেম বিবশ। বীণৰ আত্মাটি উৰি গুণ গায় কোনেনো ভোমোৰা বোলে, খোপাৰ ফুলটি উড়িয়ে প্ৰিয়াৰ পখিলাৰ নাম পালে।। কৃষ্ণ পখী, কৈছা, পাতৰ মাজত “কৃষ্ণ” “কৃষ্ণ” ডাক দিছে, পখী নোহে জানা ৰাধাৰ কান্দোন প্ৰতিধ্বনি ৰূপে আছে। ময়না নহয় বিৰহী বৃন্দৰ সমষ্টি হুমুনিয়া; প্ৰিয়তমা মুখ ওফন্দি পৰিছে সেয়েহে জানা সন্ধিয়া।