পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃপাবৰ বৰুৱাৰ কাকতৰ

টোপোলা।

পুৰণিতত্ব।

 আজি কালিৰ লেখা-পঢ়াৰ পোহৰ পোৱা বুঢ়া-ডেকা সকলোৰে ৰাজহুৱা বেজাৰঃ- ভাৰতবৰ্ষৰ পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই। এই বেজাৰৰ ধ্বনিয়ে চুকৰ বোৱাৰী আসামকো পাইছে গৈ। লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, পাঠকে শাৰীয়ে পতি হুমুনিয়াহ পেলাব, কথকে মুখ মেলিয়েই হামিয়াই হেকতিয়াই বিননি ধৰিব, “অসমৰ পুৰাতন কাৰ্য্যকলাপ, ইতিহাস আৰু ঘটনাৱলী অনন্ত কাল সমুদ্ৰৰ গৰ্ভত।” ( হয়! তাৰে কিছুমান তোমৰা- আমাৰ গৰ্ভতো )। কল্পতৰু বৃক্ষয় “মাগন্তা জনকহে ফলদান” দিয়ে, কামধেনুক দুহিলেহে গাখীৰ পোৱা যায়। আগো নাই গুৰিও নাই, টিকাত চপৰিয়াই দেওদি ধিতিঙ্গালিকৈ ফুৰি, কাৰ্য্যৰ বেলিকা মূৰ খজুৱাই খজুৱাই তিনদিনৰ বাটৰ পৰা ৰিঙ্গিয়াব, “বুৰঞ্জী নাই,” “ইতিহাস নাই” “একো নাই”। ( কেৱল মাথোন আছে তেৱেঁঁইহে)। চকুমুদা মানুহৰ পক্ষে একো নাই। ৰজাও নাই, প্ৰজাও নাই, সত্ৰও নাই, সভাও নাই, বামুণো নাই, লগুণো নাই। থকালৈ এটাইবোৰ আছে। আমাৰ হলে এই জাতি মানুহলৈ অলপো কৃপা নাই, যৰে মানুহ তত চিঞৰি বাখৰি মৰক, আমি চকু মেলিযেই নেচাওঁ। সঁচা কথা কবলৈ গলে, অমিও আগেয়ে এনেবিলাক লেখক,পাঠক আৰু কথকৰ শাৰীত কলাথহুৰাৰ কঠ পাৰি বহি শাৰী পূৰাইছিলোঁ। সম্প্ৰতি আমি তেনেলোকৰ শাৰীৰ পৰা খাৰিজ।” কৃপাবৰ বৰুৱা আগেয়ে এক এতিয়া এক। এতিয়াৰ পৰা তেওঁ ওপৰত কোৱা ভকত সকললৈ আৰু উভতি নেচাই, বৰং তেনে ধিতিঙ্গা, ৰিঙ্গ দি খোৱা দিঙ্গিত ভৰি দি পলোৱা, তৰ- চেঙ্গেলী, উতনুৱা লোকক চল পালইে এপোটোকা দিবহে। সি যেই কিবা নহওক, এতিয়া আমি পুৰণিতত্বৰ অৰ্থে অসমীয়া ভাষাত লেখা পুৰণি পুথি বিচাৰি ধোৱাঁ-চাং পাত-পাত কৰিছোঁ। এলান্ধুৰে চৰু-ছোৱা তেওঁ (কোন?) যেন হৈছোঁ।