পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬১
পদ্ম কুমাৰী।

বুদ্ধি দিব লাগে; যি হল হল। সি ফালে কোচবেহাৰৰ ৰাজকোঁৱৰ আজি বা কাইলৈ আহি পাবহি; এইখন গোলমাল শুনিলে তেওঁ বা কি বুলিব, আৰু আন মানুহে বা কি বুলিব? মোৰ বাৰে পাৰ্চী শত্ৰু, সেইবিলাকে তো মোৰ ছোৱালীৰ মিছাই-সঁচাই বদনাম ৰটিব।”

  বীৰদত্ত।-“কি কৰিম, কি কৰিম,” এইটো কথালৈকে নো ইমানকৈ ভাবিব লাগিছে নে? “লালুকীলৈ আৰু আকৌ তপত পানী লাগিছে”। কাণখনত ধৰি সূৰ্য্য নে মুৰ্য্য সেইটোক আপোনাৰ ঘৰৰ পৰা উলিয়াই দিয়ক, পদুমক ভালকৈ দাবি গোটাচেৰেক লগাই দিয়ক, সকলো ঠিক হৈ যাব।”

  এই কথা শুনি হৰদত্তৰ ঘৈনীয়েকে চকু-লো টুকি কলে, “সূৰ্য্যক খেদিলে মোৰ পদুমীক আৰু নেপাওঁ।”

 হৰদত্ত।—“তই ইয়াৰ পৰা গুচ! মোৰ যি মন যাই তাকে কৰিম। ‘পদুমীক নেপাওঁ,' পদুমী কলৈ যাব? বাৰু কলৈ যাই যাওকচোন চাওঁ।”

 স্বামীৰ এই কথা শুনি, মাক কান্দি লাহে লাহে ভিতৰলৈ গুচি গল। হৰ- দত্তই সেই দিনাৰ ভিতৰতে সূৰ্য্যক তেওঁৰ ঘৰৰ পৰা ওলাই যাবলৈ, আৰু পদুমেৰে সৈতে কেতিয়াও দেখা নকৰিবলৈ আজ্ঞা দিলে। অনামেঘত বজ্ৰাঘাতৰ নিচিনা নিষ্ঠুৰ কথা কাণত পৰিহে আজি পদুম ইমান ব্যাকুল, অস্থিৰ, চিন্তাত নিমগ্ন, আৰু টোপনি নাইকিয়া।