পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৩
পুৰণিতত্ব।

তেও আমি শুদাই এৰা ভকত নহয়; আসামৰ ধোৱাঁ-চাং এখনো বাকী নাৰাখোঁ। সোধ-পোছ নাই আৰু ধোৱাঁ-চাঙ্গত উঠিম। সম্প্ৰতি আমি এখন পুথি পাইছোঁ। পুথিখন হীৰাৰ খনি বুলিলেও হানি নাই। তাত বিস্তৰ সামাজিক, নৈতিক, ৰাজ নৈতিক, বৈষয়িক, বৈদিক, সাত্বিক, ৰাজসিক, তামসিক, ইহলৌকিক, পাৰলৌকিক, কৈষিক, ঐষিক, নৌষিক, পৈতৃক, মৈত্ৰিক, ভৌতিক আদি কথা আছে। তাত পুৰণিতত্বৰ, আঘোন-পুহ মহীয়া পথাৰৰ শালি ধানৰ দৰে পক উঠি আছে; মুঠেই দাবাঁ; ডাঙ্গৰী বান্ধিবাঁ আৰু কঢ়িয়াবাঁ। মই সেই প্ৰত্নতত্বৰ ডাঙ্গৰী এটাৰ এঠো- কেৰে আজি আলহী সুধিম বুলি মনোগত কৰিছোঁ। শেহত আমাৰ আলহী ভকত সকলক এটি কথা কৈ থওঁ, এই বাৰ নতা পাই আকৌ মোৰ ওচৰলৈ তেওঁলোক আহিলে ‘ঢেকিঠোৰাটি’ লৈ যাব লাগিব। শুনকঃ-

  “জৈমিনীয়ে ধৰ্ম্মপক্ষীক প্ৰশ্ন কৰে – ‘হে পক্ষী পুঙ্গৱ! হে মহাত্মা! আপুনি পৰম কৃপা প্ৰদৰ্শন কৰি অনেক অমূল্য অমৃতোপম পুণ্য আখ্যান মোক শ্ৰবণ কৰালে। এনে পৱিত্ৰ বাক্যামৃত পান কৰি মোৰ তৃপ্তি পলোৱা দূৰত থাওক ক্ষুধাহে বাঢ়িছে। সম্প্ৰতি মোৰ আৰু এটি কথা শুনিবৰ ইচ্ছা হৈছেঃ- চুলি, দাড়ি, আৰু গোফৰ উপত্তি কি? আৰু কেনেকৈ মনুষ্যৰ সৰ্ব্বশ্ৰেষ্ঠ অঙ্গ মস্তকত সিহঁতৰ ঠাই হল। সিহঁতৰ ভূত, ভৱিষ্যত, বৰ্তমান, অৱস্থা কি? বৰ্ণনা কৰি মোক অনুগ্ৰহ প্ৰকাশ কৰক।”

 ধৰ্ম্মপক্ষীয়ে কয়ঃ- হে মহাভাগ! হে ঋষভ! হে অনঘ! আপুনি মোত সাধু কথা প্ৰশ্ন কৰিছে। আপোনাৰ নিচিনা মহন্তৰ এনে প্ৰশ্ন পৰম শোভন হৈছে। এইটো কথা অতি গুপুত, যাকে তাকে ‘কহিবাক নুহিকে যুগুত।’ পূৰ্ব্বত বিৰিঞ্চিক নাৰদে এই কথা পুছিছিল। ‘নাৰদত হন্তে’ মোৰ কৰ্ণ গোচৰ হল। আজি আপুনি হেন মহাভাগত এই কথা সংক্ষেপে বেকত কৰিবলৈ পালোঁ, আহা! মোৰ কি ভাগ্য! সাৱধানে কৰ্ণভৰি শ্ৰৱণ কৰকঃ-

 ‘সৃষ্টিকৰ্ত্তা হিৰণ্যগৰ্ভ প্ৰজাপতিয়ে একদিনাপ্ৰতি পৌষমাসৰ প্ৰভাত কালত শীতৰ দ্বাৰা প্ৰপীড়িত হৈ কাৰ্য্যালয় প্ৰতি গতি নকৰি স্ব শয্যাতে উপবেশন কৰি এটা মনুষ্যৰ মস্তক আনি ললাটলিখন কাৰ্য্য সম্পন্ন কৰিছিল। হস্তস্থিত কাপ মৈলামস্থিত মহীত স্নান কৰোৱা মাত্ৰ বাতাহত কদলীপত্ৰৰ ন্যায় অকস্মাৎ হস্তকম্প উপস্থিত হৈ অধোমুখ হোৱা মহ্যাধাৰৰ পৰা কল কল নিনাদে মহী নিৰ্গত হৈ সমস্ত গাৰু আৰু মনুষ্যমস্তক সিক্ত কৰি পেলালে। তদীয় গাৰু শ্ৰেষ্ঠত স্থানবিশেষে শীৰ্ণ-জীৰ্ণতাদি দোষ আছিল। তৎ তৎ চিদ্ৰ দ্বাৰা তুলা নিৰ্গত হৈ থকা হেতু সেই