পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬০
অসমীয়া সাহিত্যৰ চানেকি।

যাওঁ।” এই বুলি সখীয়েক উঠি আহি দুৱাৰমুখ পাইছেহি, এনেতে পদুমে মিহিকৈ কলে,“আইক কব, এই বিয়া জীয়া পদুমেসৈতে নহয়!”

 পদুমৰ সখীয়েকে এই বিলাক সকলো কথা পদুমৰ মাকৰ আগত কলত তেওঁ স্বামীৰ আগত, এটাইবিলাক জনাই মৰমৰ জীয়েকৰ হকে স্বামীক কাকুতি- মিনতি কৰিবলৈ ধৰিলে। হৰদত্তই এই কথা শুনি খঙ্গত ঘৃতাহুতি হৈ জীয়েকৰ ফলীয়া হৈ কথা কোৱাত ঘৈনীয়েকক তিৰস্কাৰ কৰিলে, আৰু তৎক্ষণাৎ মানুহ পঠিয়াই বীৰদত্তক মতাই আনি সপ্নৰ অগোচৰ এই নতুন কথা বৰ্ণনা কৰিলেঃ-

 হৰদত্ত।—“শুনিছনে বীৰ, আমাৰ বংশধৰী জীয়াৰীৰ কীৰ্ত্তি- কলাপ! আমি চাই দিয়া দৰা তাইক নেলাগে হেনো, তাই নিজে দৰা বাচি লৈছে। চুকতে থাকি বুকতে কামোৰা এইটো সূৰ্য্য নেকি, তাতেহে হেনো তাই বিয়া সোমায়। তাকে আকৌ এই মাক ডুমুনীয়ে মোক কবলৈ আহিছে। ইমান সাহ ছিকৰা যেন, ছোৱালী এজনীৰ! বাপেক মাকে দৰা বিচাৰি দিব নোৱাৰে, তাই নিজে দৰা বাচিছে! ওঁ— বাৰু অ, বেছ কথা শুনিলোঁ। শলাগোঁতে শলাগোঁতে শলাগাঁথি লাগিল! দিনে-ৰাতিৰে ঘোষা পুথি পঢ়া, নাম গোৱা, বোপেক-মাকক ভক্তি কৰাৰ এই ফল! এই বৰুৱাৰ ঘৰৰ লৰাটো কণমানৰে পৰা তুলি তালি ডাঙ্গৰ দীঘল কৰিলোঁ, ই যে এনেটো কাম কৰিব তাক কোনে জানিছিল? স্বভাৱ চৰিত্ৰ ভাল বুলি জানিলে আৰু বাহিৰে দেখিব শুনিবলৈ ভাল হলেও যে মানুহক চিনা টান এতিয়াহে বুজিলোঁ।” বীৰদত্ত।—“হেঃ, হেঃ, বুজিলে নে এতিয়া? ইমান সোনকালে যে বুজিব আশা নাছিল। আপুনিয়েই গুচালে সেইজনী ছোৱালী। সুন্দৰ হৈছে এতিয়া। এতিয়া মৰম দেখুৱাবহে দেখুৱাব; মোৰ পদুমহে, মোৰ মইনাহে, মোৰ অমুকহে মোৰ ভচুকহে, ভেকুলিৰ ছালহে, লৰা ছোৱালীক বাঘৰ চকুৰে চাব দিছে। ওলাওঁতে এভুকু, সোমাওঁতে এভুকু, তেহে লৰা ছেৱালী, লৰা ছোৱলী হৈ থাকে। আপোনাৰ আৰু বৌৰ মুখতহে ‘পদুম ভাল,’ আমি হলে যে ‘পদুম নহয় যম কাল’ তাক কেতিয়াবাৰ পৰা জানো। বৌক কওক, যাওক লৰ মাৰি গৈ পদুমীক নাল- লগা চুমা এটা দি আহক গৈ। অপোনাৰ সূৰ্য্যকুমাৰ এতিয়া বেয়া হল নে? কিয় বেয়া হব? এনে কথা কত আছে? এনে সৎস্বভাৱৰ, এনে সুন্দৰ লৰা কত আছে দেহি? আৰু কৰবাৰ লৰা-লুৰী এই দেশত আজিকালি পাবলৈ নাই নে? গোটাচেৰেক মান আনি তুলি লৈ পদুমেৰে সৈতে ধেমালি ধুমুলা কৰিবলৈ লগ লগাই দিয়ক।”

 হৰদত্ত।–“সেই বোৰ কথা কলে কি হব? এতিয়া কি কৰিম, সেইটোৰহে