পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
আসাম দেসৰ ডাঙ্গৰিয়া গন প্ৰভৃতি বিসয়াৰ নিবন্ধ ।


বৰুআ, তিপমিয়া বৰুআ, এই পাচজন সমান। নামৰূপিয়া বৰুআ, পুৰনি মেলিয়া বৰুআ, মাজু মেলৰ বৰুআ, সৰু মেলৰ বৰুআ, মাহি মেলৰ বৰুআ, ন মেলৰ বৰুআ, গাভৰু মেলৰ বৰুআ, কলি চেঙ্গৰ বৰু, এনাই ঘৰিয়া বৰুআ, এই ৯ সমান। এই পৰ্জন্তে মেলডগিয়া। দেৱলিয়াৰ বৰুয়াহতক হলে সদৰত সেৱা চলোৱাহে বোলে। এই পৰ্জন্তে বিসয়াৰ তাৰতম্য মৰ্জদা বুজিবৰ কাৰণ নাম লিখাগল ইতি।

  ডাঙ্গৰিয়া সকল ঘৰৰ পৰা ওলালে আগত বিলতিয়া গায়নে গাই জাই, ও কালিয়াই কালি মাৰি জাব পাই। ৰঙ্গা চুলিৰে বৰচি, চুলি লগা দাৰে লগত পালি ধৰি জাব পাই; হাতি ঘোৰাত বানত সিয়া জৰি ভৰিত নপুৰ ঘোৰাত উঠা হালধিয়া পাটৰ তলচা, হাতি উঠা কাপৰ, আগত দোলা চৈৰে আগুআ জাব পাই; গৰৰ চকুৰ কিছু ভিতৰ সোমালে গায়নে কালিয়াই গাব বজাব নেপাই, বাটত সৰ্গদেৱেৰে দেখা দেখি হলে সৰ্গদেও হাতিত উঠি গলে ডাঙ্গৰিয়াও হাতিত উঠি দেখা দিব পাই; সৰ্গদেও দোলাত বা ঘোৰাত গলে ডাঙ্গৰিয়াও ঘোড়াত উঠি বা কেপ কৰা তলচাৰ নুৰাত উঠি দেখা দিব পাই। আৰু ৰাজমাঁওদেওঁ, বৰ জনা আইকুঅৰী দেও পৰ্ব্বতীয়া আই কুঅৰী দেও, এই কেই জনাক সৰ্গদেৱৰ দৰেই সকলোএ সম্মান কৰে কিন্তু সিঙ্গৰি ঘৰ উঠিলেহে ডাঙ্গৰিয়া সকলে সেৱা কৰে। দাতিয়লিয়া ডাঙ্গৰিয়া তনি জনাৰে বাটত সৰ্গদেও ভেঁটাভেঁটি হোআতো এই ক্ৰমেই আৰু চাৰিঙ্গিয়া তিপমিয়া আদি মেল খোআ গোহাঁই দেও সকলেৰে তিনিজনা ডাঙ্গৰিয়া ভেটাভেটি হলে দোলাতে থাকি ডাঙ্গৰিয়া সকলক গোঁহাই দেও সকলে বাট এৰি দিব পাই। দাতিয়ালিয়া তিন জনাৰে যদি ঘাই তিন জন ভেটাভেটি হই, তেতিয়া গোহাই দেও সকলৰ দৰেই দাতিয়লিয়া তিনি জনাই ঘাই তিন জনাক বাট এৰি দিব পাই। যদি দাতিয়লিয়া তিন জনাৰে ঐ মেল খোআ গোহাই সকল ভেঁটাভেঁটি হই, তেতিয়া বাট এৰি দিয়া দি কৈ জাই। যি হেতু সৰ্গ দেৱৰ নিজ ভাই বা পো এনে মেল খোআ গোহাই দেও সকলক সকলে বৰ্হাই গৌৰব কৰে। বৰ বৰুআ বৰ ফুকন প্ৰভৃতি চৰাৰ ফুকন ও খেৰ বিচনি লোআচমুআ ফুকন আদি সকলোৱে চাঙ্গিৰ পৰা নামি তিনি জনা ডাঙ্গৰিয়াক দেখা দিব পাই; চাঙ্গি লুকাব পাই, এইৰূপে ডাঙ্গৰিয়া আহি বৰ দুআৰৰ মূখতে দোলা আৰোআন দা জাঠি বৰচি আদি সকলা আহিলা এৰি, ৩ গচমান ৰঙ্গা জাঠি বৰচিৰে নগৰত সোমাই ওপৰত সোণৰ চুলাৰে পানি জাপি ধৰি আহি বৰ চৰা উঠিলেই, বৰ বৰুআ মুখ্যে জি কেই জনা চৰাৰ ফুকন পুব ফালে বহি থাকে তাৰ পৰা উঠি চৰাৰ পচিম ফালে ফকামৰ কোঠা