পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
অসমীয়া সাহিত্যৰ চানেকি।

সোমাই বহেগৈ; বহোতে চালে সহিতে তিনি খনিয়া কঠৰ তলিয়ৰিখন গুচাই, এবং বানত মচুলা গুচাই, বৰ কাপোৰ একো খনকে ঘুৰাই পকাই মচুলাকৈ লই; পাচে ডাঙ্গৰিয়া আহি যি খনিতে বহে, তাৰ পোনেই পানি পাচত লেকামেৰে বেলাত ভৰি ধুই বুলনি কাপোৰত ভৰি দি আহি তলতে পিঠিয়া ওপৰত কেপ কৰা তলচা দি, তাতে বৰ খুটাতে পিঠি দি পচিম মুখে বহে; পিক চোবা পেলাবলৈ আগ ফালে চুপ কৰা পাত দিয়ে। বৰ বৰুআকে আদিকৈ চৰাৰ ফুকন অথবা ঐ চমুআ ফুকনেই ডাঙ্গৰিষা সকলৰ নিচেই ওচৰ চাপিব লাগিলে খেৰত বহিব পাই; কিচু দুৰ হৈ বহাত হলে চৰাৰ ফুকন লোকে ঐ ক্ৰমে মেলা দুখনিয়া কঠতে কাপৰৰ মচুলা লৈ বহে। ঐ চমুআ ফুকন সকল দুখনিয়া চাল কঠৰ নুবাত বহে; সমইমতে বুৰা গোহাঁই বৰ পাত্ৰ গোহাঁই এই দুই ডাঙ্গৰিয়া বহা খুটা দুটাৰ মাজ পোনে পচিম ফালে ফকামৰ কোঠাত চৰাৰ ফুকনৰ সাৰিতকৈ কিচু পচিমলৈ হুহুকি দুখনিয়া মেলা চাল কঠতো বহে। কিন্তু কাপৰৰ মচুলা নাই। যদি ডাঙ্গৰিয়া আগহৈ বহাত বৰ বৰুআ বা চৰাৰ ফুকন কোনো জনা পাচে আহে, তেতিয়া বৰ বৰুআ হলে ধৰা আৰ দি, ইকেই জনা হলে মানুহৰ আৰতে চৰাৰ দক্ষিণ টুপে ভৰি ধুই, খেৰত আঠু চোঙ্গাই চৰাৰ মাজেই গৈ ঐ ক্ৰমে পচিম ফালে মেলা কঠত বহে গৈ।

  কিন্তু সৰ্গদেৱৰ আজ্ঞাৰে কটকি গৈ নেমাতিলে নগৰলৈ ডাঙ্গৰিয়া সকল নাহে; এবং সৰ্গদেৱৰ আজ্ঞা নহলে কোনো বৰুৱা ফুকন আদি সৰকাৰী কামৰ লোক ডাঙ্গৰিয়া সকলৰ ঘৰলৈ যাব নেপাই। আৰু নিমন্ত্ৰণ মতে কাৰ্জত ডাঙ্গৰিয়া সকল আহিলে, বিদাইৰ সময়ত বটাৰে পাতলি তামোল বটা ঢকাৰে ঢাকি ভিতৰ তামুলিএ সজাই দিএ, হেঙ্গদান ধৰাই নি ডাঙ্গৰিয়া সকলক দিব পাই; তাকে দিলেই একখ্যনো বিলম্ব নকৰি ডাঙ্গৰিয়া সকল উঠি জাব পাই। আৰু ডাঙ্গৰিয়া সকল ভিতৰৰ বৰ ঘৰৰ টুপলৈ জাব পাই; পাচে ডাঙ্গৰিয়া সকল ভিতৰলৈ জাই। জখলা মুখৰ মাটিতে সুদা লেকামেৰে ভৰি ধুই সোমাই জাই; লগত খাটনিয়াৰে পাখি বিচনি খন নিএ, বৰ ঘৰ টুপতে তলচা দিয়ে, ডাঙ্গৰিয়া তাতে বহে গৈ। এইৰূপে সৰ্গদেৱে ডাঙ্গৰিয়াৰে কথা বাৰ্তা হোআত, বৰ ঘৰ টুপত সৰ্গদেও বহা কোঠালিৰ পুব ভাগৰ উত্তৰ ফাললৈ সোমাই, ৩ জন বৰ ভঙাৰ বৰুৱা বহে, এবং সেই মৰ্জদা পালে আনো বহে। এই তিনিৰ দক্ষিনে সেইটো কোঠাৰে টুপৰে জোৰাৰ চতিৰ পুব মুৰৰ খুটাৰে পৰা টুপলৈকে জুৰি উত্তৰ। দক্ষিনা সাৰি কৈ চৰাৰ